হায়দৰাবাদৰ বলাৎকাৰ-হত্যাকাণ্ডঃ অনশনত বহিছে দিল্লী মহিলা আয়োগ অধ্যক্ষ স্বাতী মালীৱাল…

হায়দৰাবাদৰ বলাৎকাৰ-হত্যাকাণ্ডঃ অনশনত বহিছে দিল্লী মহিলা আয়োগ অধ্যক্ষ স্বাতী মালীৱাল…

ডিজিটেল ডেস্কঃ হায়দৰাবাদৰ চিকিৎসক যুৱতীগৰাকীৰ বলাৎকাৰ আৰু হত্যাকাণ্ডৰপাছত পুনৰ প্ৰশ্ন উত্থাপন হৈছে দেশত নাৰীৰ সুৰক্ষাৰ সন্দৰ্ভত। হায়দৰাবাদৰ এই নৃশংসঘটনাক লৈ দিল্লী মহিলা আয়োগ অধ্যক্ষ স্বাতী মালীৱালে জন্তৰ-মন্তৰত শ শ মহিলাৰ সৈতেঅনশনত বহে।

সংবাদমাধ্যমৰ আগত মালীৱালে কয় যে, দেশত দিনকদিনে বৃদ্ধি পোৱা নাৰী নিৰ্যাতনৰ ঘটনাবোৰৰ বাবে ময়ো দুখিত। যোৱাবাৰো মহিলাসকলৰ বাবে আইন অধিক কঠোৰ কৰাৰ বাবে দাবী উত্থাপিত হৈছিল। তাৰপাছত ফাচী দিয়াৰ আইন কৰা হৈছিল। তাৰপাছত এনে দুষ্কাৰ্য সংঘটিত হোৱা হ্ৰাস হোৱা নাই।

লগতে তেওঁ কয়- 'এইবোৰৰ বিৰুদ্ধে ঘৰতবহি মন্তব্য কৰিলে নহ'ব। তদুপৰি হায়দৰাবাদৰ বলাৎকাৰ-হত্যাকাণ্ডক লৈ তেলেংগানাৰমুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলে কৰা মন্তব্য শুনি মই আচৰিত হৈছো। এনেবোৰ মন্তব্যকৰিবলৈ এওঁলোকে লাজ নাপায়। যদি কাইলৈ তেওঁলোকৰ ভগ্নী-কন্যাৰ সৈতে এইবোৰ হয় তেন্তেকি কৰিব?…'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in