গুৱাহাটী কিমান লেতেৰা? চাওঁক নিজ চকুৰে…

গুৱাহাটী কিমান লেতেৰা? চাওঁক নিজ চকুৰে…

চলি আছে 'স্বচ্ছতাই সেৱা' অভিযান। কিন্তু এই অভিযানে চুব পাৰিছেনে গুৱাহাটীক? ৰাজপথলৈ হাতত ঝাড়ু লৈ ওলাইছে মুখ্যমন্ত্ৰী। সজাগ হৈছে জানো মহানগৰবাসী? গুৱাহাটী কিমান লেতেৰা? চাওঁক পলাশজ্যোতি গগৈৰ এক বিশেষ প্ৰতিবেদন-

স্বচ্ছতাই সেৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰিছে এই অভিযান। ২ অক্টোবৰলৈকে চলিব এই স্বচ্ছতা সেৱাৰ অভিযান। প্ৰধানমন্ত্ৰীৰ লগতে গুৱাহাটীতো এই অভিযানৰ শুভাৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰীয়ে হাতত ঝাড়ু লৈ বাটপথ চাফা কৰা ১৫ ছেপ্টেম্বৰ,২০১৮ৰ দৃশ্য এয়া।

তাৰ ৩ দিন অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ পিছত মহানগৰীৰ স্বচ্ছতাৰ উমান ল'বলৈ বিভিন্ন স্থানলৈ পুৱাই গৈছিল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ সাংবাদিক। কি দেখিলে মহানগৰীত সেই দৃশ্য প্ৰথমে চাওঁক-

বিশ্বকৰ্মা পূজাৰ পিছ দিনাৰ মহানগৰীৰ দৃশ্য এয়া। মহানগৰীৰ ডাষ্টবিন এইদৰে ভৰি আছে জাৱৰেৰে। পাণবজাৰস্থিত বি এছ এন এল কাৰ্যালয়ৰ সমীপত এনেদৰে ভৰি আছে ডাষ্টবিন। সেই জাৱৰ-জোথৰ নিষ্কাষণৰ বাবে পুৱা ৯ বজা পৰ্যন্ত অহা নাই কোনো লোক। ডাষ্টবিনৰ পৰা তলতো পৰিছেহি কিছু জাৱৰ। সমগ্ৰ অঞ্চলটোত দুৰ্গন্ধ।

ইয়াৰ পাছত চাওঁক শুক্ৰেশ্বৰ ঘাটৰ আন এক দৃশ্য। এটা খুঁটাত লিখি থোৱা আছে-'গুৱাহাটী মহানগৰখন পৰিষ্কাৰ কৰি ৰাখক। ইয়াত জাৱৰ নেপেলাব অন্যথা আইন মতে দণ্ডনীয় হ'ব।' আৰু সেই ছাইনবৰ্ডৰ তলতেই মহানগৰীৰ কোনো বাসিন্দাই পেলাই থৈ গৈছে জাৱৰ।

মহানগৰীৰ প্ৰতিটো বাটে-ঘাটে এনে দৃশ্য সুলভ। লাখটকীয়াতো একে দৃশ্য দেখা পোৱা গ'ল। এছ এছ বি ৰোডৰ দৃশ্য এয়া। পথৰ ওপৰতে পৰি আছে পেলনীয়া সামগ্ৰী।

ফাচীবজাৰতো একেই দৃশ্য। পথৰ ওপৰত পৰি আছে জাৱৰ। এজন লোকে সেই জাৱৰৰ মাজতেই বিচাৰিছে খৰি। মহানগৰীত পুৱাই চৌদিশে কেৱল দুৰ্গন্ধ। তাতে বিশ্বকৰ্মা পূজাৰ পাছত জাৱৰৰ পৰিমাণ বৃদ্ধি পাইছে।

পল্টনবজাৰ উৰণীয় সেতুৰ সমীপতো এনে দৃশ্য দেখিবলৈ পোৱা গ'ল। পথৰ ওপৰতেই জাৱৰ।

মহানগৰীৰ পুৰণি জে'লৰ সমীপৰ দৃশ্য আৰু অধিক কদৰ্যময়। ৰখাই থোৱা আছে এফালে গাড়ী। তাৰ কাষত যাৰ যেনেকৈ ইচ্ছা, পেলাই গৈছে পথৰ ওপৰত জাৱৰ। পথ নহয় যেন সেইটো ডাষ্টবিনহে।

বিশ্বকৰ্মা মন্দিৰৰ সমীপতো জাৱৰ-জোথৰৰ দম বান্ধি আছে। পূজাৰ পেলনীয়া সামগ্ৰী, খোৱা বস্তু আদি পেলাই থোৱা আছে পথৰ ওপৰতে। কাষতে এটা ডাষ্টবিন আছে যদিও, তাত পেলোৱা নাই জাৱৰ-জোথৰ। পুৱা তেতিয়া সময় ৯.২৫ বাজিল। কিন্তু অহা নাছিল জি এম চিৰ কোনো চাফাই কৰ্মচাৰী।

পল্টনবজাৰ ৰিজাৰ্ভ বেংকৰ সমীপৰ আন এক দৃশ্য এয়া। খালী আছে ডাষ্টবিন। কিন্তু মানুহে জাৱৰ পেলাইছে ডাষ্টবিনৰ কাষত।

এইবাৰ চাওঁক দীঘলীপুখুৰী পাৰৰ দৃশ্য। বিশ্বকৰ্মা পূজাৰ পিছদিনাই ডাষ্টবিনত এনেদৰে এৰি থৈ আহিলে বিশ্বকৰ্মাৰ মূৰ্তি। ডাষ্টবিনটোৰ তলত পৰি আছে জাৱৰ। জি এম চিৰ এই ডাষ্টবিনটো কিন্তু খালী।

'স্বচ্ছ ভাৰত অভিযান', 'স্বচ্ছতাই সেৱা' আদি কাৰ্যসূচীৰে যেন সলনি কৰিব পৰা নাই মহানগৰীৰ চৰিত্ৰ। কদৰ্যময় হৈ গৈয়ে আছে গুৱাহাটী মহানগৰ।তাৰ প্ৰমাণ আজি পুৱাৰ কেইটামান দৃশ্য। এফালে, চলিছে চাফাই অভিযান। আনফালে, চলে লেতেৰা কৰাৰ প্ৰতিযোগিতা। সলনি হোৱা নাই মহানগৰীৰ বহু বাসিন্দাৰ মানসিকতা। জাৱৰ টোপোলাটো পথৰ কাষলৈ দলিয়াব পাৰিলেই ঘৰখন চাফা হয় বুলি ভাবে। নাভাৱে কেৱল মহানগৰীখনৰ স্বচ্ছতাৰ কথা।

জি এম চিৰো নাই কোনো তৎপৰতা। কেৱল নিয়ম মাফিকভাৱে দিনটোৰ কোনোবা এটা সময়ত এই জাৱৰ-জোথৰবোৰ নিষ্কাষণ কৰিয়ে দায়িত্ব শেষ বুলি ভাবে। 'স্বচ্ছতাই সেৱা' অভিযান চলি আছে সমগ্ৰ দেশত । আৰু এই সময়ছোৱাতে স্মাৰ্ট চিটি হ'বলৈ গৈ থকা মহানগৰীৰ এই কদৰ্যময় পৰিৱেশে উদঙাই দিয়ে গুৱাহাটী মহানগৰ আজিও কিমান লেতেৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in