পিন্ধনত সাধাৰণ পোচাক; ১২৫ বছৰ বয়সীয়া যোগগুৰু স্বামী শিবানন্দই গ্ৰহণ কৰিলে পদ্মশ্ৰী…

পিন্ধনত সাধাৰণ পোচাক; ১২৫ বছৰ বয়সীয়া যোগগুৰু স্বামী শিবানন্দই গ্ৰহণ কৰিলে পদ্মশ্ৰী…

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সোমবাৰে ৰাষ্ট্ৰপতি ভাৱনত আয়োজিত অনুষ্ঠানত ৫৪ গৰাকীকৈ লোকক পদ্ম সন্মান প্ৰদান কৰে।কিন্তু ইয়াৰ মাজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ১২৫ বছৰ বয়সীয়া যোগগুৰু স্বামী শিবানন্দই।

যোগগুৰু গৰাকীয়ে খালী ভৰিৰে ৰাষ্ট্ৰপিত গৰাকীৰ পৰা সন্মান গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত সকলোৱে তেওঁক হাত চাপৰিৰে আমন্ত্ৰণ জনায়। তাৰপাছতই তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰণাম জনাই আৰু মোডীয়েও তেওঁক মুৰ দোৱাই প্ৰণাম কৰে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকো যোদগুৰু গাকীয়ে মুৰ দোৱাই প্ৰণাম কৰে আৰু ৰাষ্ট্ৰপতি গৰাকীয়েও তেওঁক সহাৰি জনাই কান্ধত ধৰি উঠাই দিয়ে।

যোগগুৰু গৰাকীৰ এই ভিডিঅ' ছ'চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে।সাধাৰণ ধুতি আৰু কুৰ্টা পিন্ধি ৰাষ্ট্ৰপতিৰ পৰা তেওঁ গ্ৰহণ কৰে পদ্মশ্ৰী সন্মান।

যোগগুৰু গৰাকীয়ে নিজৰ জীৱন মানৱ কল্যানৰ নামত সমৰ্পিত কৰিছে। সমাজৰ প্ৰতি আগবঢ়োৱা তেওঁৰ অনবৈদ্য অৱদানৰ বাবেই পদ্মশ্ৰী প্ৰদান কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in