জাতীয় শ্বহীদ পোৱাল দাসৰ শ্বহীদ দিৱস উদযাপন, শ্বহীদ বেদী নিৰ্মাণৰ ধন আত্মসাৎ, তদন্তৰ দাবী আছুৰ

জাতীয় শ্বহীদ পোৱাল দাসৰ শ্বহীদ দিৱস উদযাপন, শ্বহীদ বেদী নিৰ্মাণৰ ধন আত্মসাৎ, তদন্তৰ দাবী আছুৰ

ডিজিটেল সংবাদ, টীয়কঃ ৩৭ সংখ্যক জাতীয় শ্বহীদ পোৱাল দাসৰ শ্বহীদ দিৱস শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বনাই পথলীয়া গাঁৱৰ ৰাইজৰ সহযোগত শ্বহীদ পোৱাল দাসৰ সমাধিক্ষেত্ৰত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ কাৰ্যসূচী আঁত ধৰে শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা যদুমণি বৰুৱাই৷ ৩৭ জন ব্যক্তিৰ দ্বাৰা ৩৭ গছি বন্তি প্ৰজ্বলন কৰি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷

শ্বহীদ পোৱাল দাসৰ ভগ্নী মাকন দাস, অসম আন্দোলনত গুলীবৃদ্ধ বিপিন দাসৰ পত্নী ভবানি দাস, কৰ্মচাৰী পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ উপদেষ্টা কিশোৰ দাস, অসম আন্দোলনৰ গুলীবিদ্ধ তথা কৃত্তি শিক্ষক ৰমেন শৰ্মা, শিমলুগুৰি মৌজা বৈঞ্চব সমাজৰ নগেন চাংমাই, বকুল হাজৰিকা, প্ৰাক্তন ছাত্ৰ নেতা সৌৰভ বৰা, 'কা' আন্দোলনত নিহত ৰাজেন বৰুৱাৰ পত্নী জোনমনি বৰুৱা, যোৰহাট জিলা মজলীয়া শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি পূনিৰাম বৰুৱা, টীয়ক প্ৰেছ ক্লাবৰ উপদেষ্টা পাৰ্থ হাজৰিকা, সাংগাঠনিক সম্পাদক ৰুপকজ্যোতি বৰা, ৰেঙণি এটিৰ আশাৰ সঞ্চাসক বিজু শৰ্মা, 'কা' আন্দোলনৰ নেত্ৰী ৰশ্মিৰেখা ভট্টাচাৰ্য, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞাই বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্ত, প্ৰচাৰ সম্পাদক দীপাংকৰ দাস, শিক্ষক তথা সমাজ সেৱক হৰি দত্ত, শিমলুগুৰি মৌজা আছুৰ অম্বৰীশ বৰুৱাৰ লগতে বনাই অঞ্চলৰ বহু ৰাইজ উপস্থিত থাকে৷ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে ভাষণ প্ৰদান কৰি কয় যে, অসম চৰকাৰে যিটো মূহূৰ্তত শ্বহীদ সকলৰ বাবে শ্বহীদ স্মাৰক আৰু শ্বহীদ উদ্যান বনাইছে সেই সময়ত জাতীয় শ্বহীদ পোৱাল দাসৰ শ্বহীদবেদী নিৰ্মাণত অনিয়ম কৰি টীয়ক সমষ্টিৰ বিধায়কে ধন আত্মসাত কৰি আজিও শ্বহীদ বেদী সম্পূৰ্ণ কৰিব নোৱাৰাটো অতি পৰিতাপৰ দুখৰ বিষয় বুলি অভিহিত কৰিছে।

ছাত্ৰ নেতা গৰাকীয়ে লগতে আৰু লগতে মুখ্যমন্ত্ৰী গৰাকীক এই ক্ষেত্ৰত প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ আহবান জনায়৷ আনহাতে বৃক্ষৰোপণ কায্যসূচী ৰুপায়ণ কৰে শিমলুগুৰি মৌজা বৈঞ্চব সমাজৰ সেৱক নগেন চাংমাই আৰু অৱসৰপ্ৰাপ্ত শিক্ষক পূনিৰাম বৰুৱাই৷

উল্লেখ্য যে, ইতিমধ্যে তেওঁৰ পৰিয়ালক সহায় কৰাৰ কথা কৈছিল মন্ত্ৰী অতুল বৰাইয়ো। কিন্তু দিঠকত পৰিণত নহ'ল মন্ত্ৰীগৰাকীৰ আশ্বাস তথা প্ৰতিশ্ৰুতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in