এন আৰ চিত অন্তৰ্ভুক্ত নহ’ল অসম আন্দোলনৰ শ্বহীদ পৰিয়ালৰ নাম…

এন আৰ চিত অন্তৰ্ভুক্ত নহ’ল অসম আন্দোলনৰ শ্বহীদ পৰিয়ালৰ নাম…

ডিজিটেল সংবাদ, হামৰেণঃ হোজাইৰ বিধায়ক শিলাদিত্যই প্ৰকাশ কৰা শ্বহীদ মদন মল্লিকৰ পৰিয়ালৰ নাম কিয় অন্তৰ্ভুক্ত নহ'ল এন আৰ চিত ।কাৰ চক্ৰান্তৰ বলি হ'ল শ্বহীদ পৰিয়ালটো? বিদেশী ন্যায়ধীশ আদালতে শ্বহীদ পৰিয়াললৈ প্ৰেৰণ কৰিছে বিদেশীৰ জাননী৷ লগতে শ্বহীদ পৰিয়ালটোক গেপ্তাৰ কৰিবলৈ বিচাৰি ফুৰাত ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত এইবাৰ শ্বহীদৰ পৰিয়াল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত নোহোৱাৰ তথ্য পোহৰলৈ অহাত তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি হৈছে ৷ লগতে এন আৰ চিৰ চূড়ান্ত তালিকা কিমান শুদ্ধ হ'ব তাকে লৈ আন এক প্ৰশ্নৰ অৱকাশ ঘটিছে।ইতিমধ্যে হোজাইৰ বিধায়ক শিলাদিত্য দেবে শ্বহীদ পৰিয়ালটো এন আৰ চিৰ পৰা বাদ পৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৮৫৫ জন শ্বহীদৰ তালিকাৰ ৩৬৪ নম্বৰত আছে শ্বহীদ মদন মল্লিকৰ নাম।

পশ্চিম কাৰ্বি আংলঙৰ ডালিমবাৰী গাঁৱৰ নিবাসী মদন মল্লিকৰ পৰিয়ালক চৰকাৰে প্ৰদান কৰা পাচঁ লাখ টকা শ্বহীদ সাহায্যকে ধৰি সকলো নথিপত্ৰ আছে। কিন্তু বিদেশী ন্যায়ধীশ আদালতে ইতিমধ্যে শ্বহীদ পৰিয়ালটোলৈ বিদেশী বুলি জাননী পেৰণ কৰাৰ লগতে শ্বহীদ পৰিয়ালটোক গেপ্তাৰ কৰিবলৈ বিচাৰি ফুৰাটো সকলোৰে মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

উল্লেখযোগ্য যে শ্বহীদ মদন মল্লিকৰ পত্নী সৰ্ববালা মল্লিক (সৰকাৰ ) সহ পুত্ৰৰ নামত বিদেশী ন্যায়াধীশ আদালতে জাননী প্ৰেৰণ কৰাত নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্তিৰ পৰা বাদ পৰিছে পৰিয়ালটো। মদন মল্লিক নামৰ লোকজন '৮৩ৰ অসম আন্দোলনৰ সময়ত নেলীত শ্বহীদ হৈছিল।কিন্তু লক্ষণীয় বিষয় যে শ্বহীদ মদন মল্লিকৰ মৃত্যুৰ পিছত পৰিয়ালটোৰ উপাধি মল্লিকৰ পৰিবৰ্তে সৰকাৰ হিচাপে ব্যৱহাৰ কৰিব ধৰিছিল।

পৰিয়ালটোৰ উপাধি ছাত্র সংগঠনে সলনি কৰিছিল বুলিও অভিযোগ তুলিছে পৰিয়ালৰ লোকে। এতিয়া প্ৰশ্ন হয় উপাধি খেলি মেলিৰ বাবে শ্বহীদ পৰিয়ালটো অন্তৰ্ভুক্ত নহ'ল নেকি এন আৰ চিত? যদি উপাধি খেলি মেলিৰ বাবে পৰিয়ালটো সদস্য কেইজনৰ নাম যদি এন আৰ চিত অন্তৰ্ভুক্ত হোৱা নাই তেন্তে ইয়াৰ বাবে জগৰীয়া কোন? নে কাৰোবাৰ চক্ৰান্তৰ বলি হৈছে নেকি পৰিয়ালটো ? শ্বহীদ পৰিয়ালৰ সদস্যৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in