১৯৬৮ৰ প্ৰখ্যাত শ্ৰমিক আন্দোলনৰ ৫০ বছৰঃ মালিগাঁৱত ছহিদলৈ শ্ৰদ্ধাঞ্জলি

১৯৬৮ৰ প্ৰখ্যাত শ্ৰমিক আন্দোলনৰ ৫০ বছৰঃ মালিগাঁৱত ছহিদলৈ শ্ৰদ্ধাঞ্জলি

ডিজিটেল ডেস্কঃ স্বাধীনতাৰ পাছত দেশৰ ইতিহাসত সৰ্ববৃহৎ শ্ৰমিক আন্দোলনটো  হৈছিল ১৯৬৮চনৰ ১৯ ছেপ্টেম্বৰত। সেই আন্দোলনে বুধবাৰে ৫০ বছৰ পূৰ্ণ কৰিলে। অইল ইণ্ডিয়া আৰু ৰে'লৱে ৱকাৰ্ছ ফেডাৰেশ্যনৰ এই ধৰ্মঘটে সমগ্ৰ দেশজুৰি তোলপাৰ লগাইছিল। প্ৰয়োজন অনুপাতে শ্ৰমিকৰ দৰমহা, ঠিকাভিত্তিক শ্ৰমিক নিযুক্তি বাতিলৰ দাবীত দেশজুৰি হাজাৰ হাজাৰ শ্ৰমিকে যোগ দিছিল এই ধৰ্মঘটত। ধৰ্মঘটৰ আগদিনাই চৰকাৰে ৬৪হাজাৰ ৰেল কৰ্মচাৰীক চাটাই কৰাৰ লগতে ৪০হাজাৰৰো অধিক কৰ্মচাৰীক নিলম্বন কৰিছিল।

অসমতো এই আন্দোলনে ব্যাপক প্ৰভাৱ পেলাইছিল। শ্ৰমিকৰ এই ধৰ্মঘটত অংশ লোৱাৰ বাবেই অসমৰো সহস্ৰাধিক শ্ৰমিকক নিলম্বন, চাটাই কৰাৰ লগতে দেশজুৰি বহু শ্ৰমিক নেতাক গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত গ্ৰেপ্তাৰ কৰা শ্ৰমিক নেতাসকলৰ ভিতৰত হেম বৰুৱা, গোলাপ বৰবৰা, বিশ্ব গোস্বামী, ৰাখাল দাস গুপ্তা আছিল অন্যতম।

ধৰ্মঘটৰ দিনা বিকানি, পাঠানকোৰ্ট, দিল্লীৰ ৰেল সদৰৰ ইন্দ্ৰপ্ৰস্থ ভৱন, অসমৰ মৰিয়নী আৰু বঙাইগাঁৱত ধৰ্মঘটকাৰী শ্ৰমিকৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে গুলীবৰ্ষণ কৰিছিল। এই ঘটনাত সমগ্ৰ দেশত ১৭জনৰ মৃত্যু হৈছিল। ইয়াৰে দুজনৰ মৃত্যু হৈছিল মৰিয়নীত। সেই সময়ত দেশজুৰি ১২হাজাৰ কৰ্মচাৰী তথা নেতাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। সেই ধর্মঘটৰ দিনটোৰ সোঁৱৰণত আৰু নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বুধবাৰে অইল ইণ্ডিয়া ৰেলৱে ৱকাৰ্ছ ফেডাৰেশ্যন, এন এফ ৰেলৱে ফেডাৰেশ্যন আৰু হিন্দু মজদুৰ সভাৰ উদ্যোগত যৌথভাৱে মালিগাঁও ৰেল সদৰৰ বাকৰিত এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

আবেলি ৩ বজাৰ পৰা অনুষ্ঠিত এই অনুষ্ঠানতেই শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে এই শ্ৰমিক ধৰ্মঘটৰ ৫০ বছৰ উপলক্ষে বিশেষ বক্তৃতা প্ৰদান কৰে কেবাজনো বিশিষ্ট বক্তাই । গোলাপ বৰবৰাৰ পুত্ৰ তথা ৰাজ্যৰ জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই মুখ্য বক্তাৰূপে অংশ লয় অনুষ্ঠানটোত। ইয়াৰোপি সমীৰ চক্ৰৱৰ্তী, দীলিপ চক্ৰৱৰ্তী, নৰেশ্বৰ বৰ্মন, বন্ধন মজুমদাৰ, ৰাখাল ৰাজ গুপ্তা আদিয়ে ভাষণ প্ৰদান কৰে।

অনুষ্ঠানটোত ভইচ অৱ ইণ্ডিয়াৰ ৰাণাৰআপ শ্ৰুতি গোস্বামীক সম্বৰ্ধনা জনোৱা হয়। সন্ধিয়ালৈ বন্দে ১৯ ছেপ্টেম্বৰ শীৰ্ষক এখন নাটকো মঞ্চায়ন কৰে অনুষ্ঠানটোত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in