সমাগত স্বাধীনতা দিৱসঃ গোৱালপাৰাত ব্যাপক তালাচী অভিযান…

সমাগত স্বাধীনতা দিৱসঃ গোৱালপাৰাত ব্যাপক তালাচী অভিযান…


ডিজিটেল সংবাদ, কৃষ্ণাইঃ আগন্তুক স্বাধীনতা দিৱসক লৈ তৎপৰ গোৱালপাৰাৰ আৰক্ষী প্ৰশাসন ৷স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতিৰ বিপৰীতে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে গোৱালপাৰা জিলা প্ৰশাসনে ৷জিলা খনৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰক্ষী আৰু কামাণ্ড বাহিনীয়ে সৰুবৰ সকলো পথৰ লগতে মেঘালয় সংযোগী ৰাষ্ট্ৰীয় পথত চলাইছে ব্যাপক তালাচী ৷

কোনো উগ্ৰপন্থী অথবা কোনো কুটাঘাট কাৰীয়ে যাতে জিলাখনত কুটাঘাট কৰিব নোৱাৰে তাৰ বাৱে আৰক্ষীয়ে তীঘ্ন দৃষ্টি ৰাখিছে৷ইফালে বিগত কেইবাটা বছৰ ধৰি আলফাৰ উপ সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাই মেঘালয়ৰ দূৰ্গম অঞ্চলত বাহৰ পাতি থকা খবৰ লাভ কৰাৰ পিছৰে পৰা আৰক্ষী ;কামাণ্ডই সষ্টম হৈ পৰিছে সীমান্তৱৰ্তী অঞ্চল সমূহত ৷অসম -মেঘালয় সংযোগী আটাইকেইটা পথতে আৰক্ষীয়ে যানবাহন সমূহ তন্নতন্নকৈ পৰীক্ষা কৰাৰ লগতে সন্দেহ জনক লোকৰ ওপৰত চোকা নজৰ দিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in