কোন এই শ্বৱনম? দেশত প্ৰথমবাৰৰ বাবে ফাঁচী দিয়া হ’ব এগৰাকী মহিলাক…

কোন এই শ্বৱনম? দেশত প্ৰথমবাৰৰ বাবে ফাঁচী দিয়া হ’ব এগৰাকী মহিলাক…

ডিজিটেল ডেস্কঃ দেশত প্ৰথম বাৰৰ বাবে ফাঁচীৰ ৰায়দান দিয়া হৈছে এগৰাকী মহিলাক। জয়াল পৱনে সাাজু কৰিছে মথুৰা কাৰাগাৰ। উল্লেখ্য যে দেশখনে স্বাধীনতাৰ পৰৱৰ্তী সময়ত ফাঁচী দিব এগৰাকী মহিলাক। মহিলা গৰাকীৰ নাম শ্বৱনম।

খবৰ অনুসৰি চাঞ্চল্যকৰ আমৰোহা হত্যাৰ ঘটনাৰ দুজন দোষীৰ ভিতৰত শ্বৱনম আছিল অন্যতম। আৰু তেওঁবাবে ই সাজু কৰা হৈছে মথুৰা কাৰাগাৰ। অৱশ্যে বৰ্তমানলৈকে থিক হোৱা নাই ফাঁচীৰ দিন।

চেচন আদালতে সেই ঘটনাৰ লগত জড়িত দুয়োজনক দোষী ক্ৰমে চালিম আৰু শ্বৱনমক মৃত্যুদণ্ডৰ নিৰ্দেশ দিছিল। পৰৱৰ্তী সময়ত দুয়োজনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ২০১৫ চনত শীৰ্ষ আদালতই মৃত্যুৰ শাস্তি বৰ্তাই ৰাখে।

ভাৰতৰ একমাত্ৰ মহিলা ফাঁচী দিয়াৰ কক্ষৰ বিষয়ে বহুতো অজ্ঞ কিয়নো স্বাধীনতাৰ পিছত কোনো মহিলাকেই দিয়া হোৱা নাছিল ফাঁচীৰ ৰায়। এই কাৰাগাৰখন ১৮৭০ চনত মথুৰা কাৰাগাৰৰ ভিতৰত ব্ৰিটিছ শাসনৰ সময়ত নিৰ্মাণ কৰা হৈছিল আৰু সেই সময়তেই নিৰ্মাণ কৰা হৈছিল কোঠাটো। কাৰাগাৰখন জৱাহৰ বাগৰ ওচৰত অৱস্থিত।

এই ঘটনা সংঘটিত হৈছিল ২০০৮ চনৰ ১৪-১৫ এপ্ৰিলত। এই ঘটনাত শ্বৱনমে তেওঁৰ প্ৰেমিক চালিমৰ তেওঁৰ দেউতাক, মাক, ভায়েক , ভনীয়েকক হত্যা কৰিছিল। শ্বৱনমে আনকি তেওঁৰ ভতিজাকো হত্যা কৰিছিল। প্ৰেমক চালিমৰ সৈতে বিবাহত বাধা দিয়াৰ বাবেই এই ঘটনা সংঘটিদত কৰিছিল দুয়ো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in