নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ব্যাপক ভূমিস্খলন, আতংকিত ৰাইজ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ব্যাপক ভূমিস্খলন, আতংকিত ৰাইজ

ডিজিটেল সংবাদ, ধেমাজিঃ যোৱা কেবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গোগামুখৰ নিৰ্মীয়মাণ দুহেজাৰ মেগাৱাট নামনি জল বিদ্যুৎ প্ৰকল্পত বুধবাৰে ব্যাপক ভূমিস্খলন হোৱা ফলত জল বিদ্যুৎ প্ৰকল্পটোৰ পাহৰৰ এটা বৃহৎ অংশ খহি পৰিছে৷

দীৰ্ঘদিন ধৰি অঞ্চলটোৰ ৰাইজ আৰু দল সংঠনে নামনি অঞ্চলকে ধৰি ধেমাজি, লখিমপুৰ, মাজুলীৰ জিলা কেইখনৰ ৰাইজে নিৰাপত্তাহীনতাত ভুগি আন্দোলন কৰি আহিছে যদিও চৰকাৰে আজি পৰ্য্যন্ত গুৰুত্ব দিয়া নাই৷

ইফালে বুধবাৰে হোৱা ভূমিস্খলনৰ ফলত মূল বান্ধলৈ যোৱাপথত প্ৰকাণ্ড প্ৰকাণ্ড ফাট মেলি খহি গৈছে৷ বান্ধটোৰ ডাইভাৰচনেল টাৰ্নেলেৰে তীব্ৰ বেগত অহা পানীয়ে প্ৰকল্পটোৰ গাৰ্ডৱালৰো বিস্তৰ ক্ষতিসাধন কৰি নামনি অংশত ব্যাপক খহনীয়াৰ সৃষ্টি পৰিছে। জানিব পৰা মতে ইয়াৰ আগেও ডাইভাৰচনেল টাৰ্নেলেৰ খহনীয়াৰ সৃষ্টি কৰিছিল যদিও সেয়া মেৰামতি কৰিছিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in