নিয়ৰ…

নিয়ৰ…

● বিদিশা দত্ত

'সাহিত্য সন্ধান' চুটি গল্প- ৪০

ল'ৰাটো কান্দি কান্দি লেবেজান হৈ শুই পৰিছিল। তাৰ নিমাখিত মুখখনে যমদূত হেন মানুহকেইটাৰ ভিতৰৰ ক'ৰবাত চাগে চুই গৈছিল। তিনিওটাই অসহায়, নিৰুপায় চাৱনিৰে ল'ৰাটোলৈ চাই ৰৈছিল।
তেনেতে বাইকৰ মাত শুনি তিনিওটা বাহিৰলৈ ওলাই আহিল। বাইকৰ পৰা মানুহটো নমাৰ লগে লগেই ইহঁত তিনিটাই তাক বেৰি ধৰি কিবা ক'বলৈ ধৰিলে। মানুহটোৱে চেপা মাতেৰে ধমকি দি উঠিল – "চুপ! তিনিটাকৈ মানুহে বাচ্ছা এটাক চম্ভালিব পৰা নাই!"

"নাই দাদা, একোৱেই খুৱাব পৰা নাই।খালী মা – পাপাকৈ কান্দি আছে। কোনোবাই ইয়াত বাচ্ছাৰ মাত শুনিবলৈ হ'লে মামলা কিন্তু বেয়ালৈ যাব" – এটাই ক'লে। মানুহটোৰ কপালৰ গাঁঠি থূপ খালে। সিহঁতক কিবা দুটামান নিৰ্দেশ দি সি অহা বাটেৰে গুচি গ'ল। সি গৈ এইবাৰ হোটেল এখনত বহিলগৈ। ধোঁৱা ওলাই থকা চাহ একাপ হাতত লৈ সি ঘৰৰ পৰিবেশটোৰ কথাই ভাবিলে। নবৌৱেক কালিৰেপৰা মূৰ্চিতপ্ৰায়। ককায়েকৰো অৱস্থা কাহিল।

"শেষত চোৰ হে হ'লিগৈ হাঁ? আজি ককায়েৰৰ ঘৰত, কাইলৈ লোকৰ ঘৰত! পৰিয়ালৰ কলংক তই!" কথাকেইটা মনলৈ অহাত তাৰ হাতৰ মুঠি কঠিন হৈ পৰিল।

ডেৰ বছৰৰ আগৰ কথা। ককায়েক ঘৰত নাছিল। নবৌৱেক পাকঘৰত ব্যস্ত। ৪ বছৰীয়া নিয়ৰে তাৰ কোঁচত বহি ভিডিঅ' গেম খেলি আছিল। নিয়ৰৰ ডিঙিৰ চেইনডালে তাৰ মনত কু-বাসনা এটা জগাই তুলিছিল। পাছদিনা বজাৰৰ মাজৰ সোণাৰি দোকানখনলৈ সি চেইনডাল লৈ গৈছিল। সি জনা নাছিল, সোণাৰীজন ককায়েকৰ বন্ধু।

মাত্ৰ কেইসপ্তাহমানৰ আগত সেইডাল চেইনৰ ঢিলা হৈ যোৱা হুকটো সেইজন সোণাৰিয়েই ঠিক কৰি দিছিল। ঘটনাটো কি, সেয়া অনুমান কৰিবলৈ তেওঁৰ বাবে কঠিন হোৱা নাছিল। সি আশা কৰাতকৈ দুটকামান বেছিকৈ দিয়াৰ প্ৰলোভনেৰে তাক দুঘণ্টাৰ পাছত তেওঁ মাতি পঠিয়াইছিল। দুঘণ্টাৰ পাছত গৈ সি সোণাৰিজনৰ লগত ককায়েকক বহি থকা দেখা পাইছিল। ককায়েকৰ চৰকেইটা, তিৰস্কাৰবোৰ মনলৈ আহিলে এতিয়াও তাৰ গাৰ তেজ উঠলি উঠে।

এই ডেৰ বছৰে সি খংটো অতি সযতনে সাঁচি ৰাখিছে। উপযুক্ত সময়ৰ অপেক্ষাত ৰৈ অৱশেষত সুযোগ মিলিল। চুবুৰীটোৰ আটাইবোৰ ল'ৰা – ছোৱালী কাষৰ মানুহঘৰৰ চোতালত আবেলি খেলিবলৈ লগ হয়।সেইদিনা সিহঁতে লুকাভাকু খেলিছিল। লুকাবলৈ যোৱা নিয়ৰক কোনেও বিচাৰি উলিয়াব পৰা নাছিল।
কামটো অতি সন্তৰ্পণে কৰিব লগা হৈছিল। লগৰ এটাৰ বন্ধ হৈ থকা গুদামতে নিয়ৰক ৰখা হৈছিল। ককায়েকলৈ ফোন আহিছিল। পাঁচ দিনৰ ভিতৰত দহ লাখ টকা নিদিলে ল'ৰাৰ মৃতদেহটোও চাবলৈ নোপোৱাৰ হুমকি আহিছিল। পুলিচৰ ওচৰলৈ নাযাবলৈকো সকীয়নি দিয়া হৈছিল। মানুহহাল আৰু পেঁপুৱা লাগিছিল। ককায়েকৰ বিধ্বস্ত ৰূপটো মনলৈ অহাত তাৰ ওঁঠত এক ক্ৰুৰ হাঁহি ফুটি উঠিল। হওঁক, তাৰ এই আনন্দখিনি স্থায়ী কৰি তোলা হওঁক।

আজি চতুৰ্থ দিন। কোনোমতে চাৰে ছয় লাখ টকা যোগাৰ কৰি ককায়েকে নিৰ্দিষ্ট ফোনকলটোৰ অপেক্ষাত বহি আছে। আচৰিত কথা যে আজি পুৱাৰ পৰা এবাৰো সিহঁতৰ ফোন অহা নাই।
সি কোঠাটোলৈ সোমাই গ'ল। অ'ৰিঅ' বিস্কুটৰ পেকেট এটা জেপৰ পৰা উলিয়াই সি নিয়ৰক মাত লগালে। চিনাকি মানুহটোক দেখি নিয়ৰৰ কণমানি চকু দুটা উজ্জ্বলি উঠিল। খুৰাকে তাৰ হাত, ভৰি, মুখৰ বান্ধবোৰ খুলি ফুচুলাই বিস্কুট কেইখনমান খাবলৈ দিলে। দুখনমান বিস্কুট খায়েই ল'ৰাটোৱে অলসভাৱে খুৰাকৰ কান্ধত মূৰটো পেলাই দিলে। আত্মীয়ৰ নিৰাপদ কোলা এখন পাই তাৰ চকু মুদ খাই আহিল।

খুৰাকে স্বস্তিৰ নিশ্বাস এৰিলে। দলংখনৰ কোনখিনিৰ পৰা বস্তুটো নৈত পেলোৱা হ'ব, সেয়া ঠিক কৰা হৈ গৈছে। ৰচী, বস্তা, ডাঙৰ শিল এচপৰাৰ যোগাৰ হৈ আছে। খন্তেক পাছতেই বস্তু কেইপদ লৈ সিহঁত তিনিটা সোমাই আহিল। নিয়ৰে সেইবোৰ একো গম নাপালে। নিকট আত্মীয়ৰ আপোন কোলাত সি গভীৰ প্ৰশান্তিৰে তেতিয়ালৈ শুই পৰিছে…

( স্বায়ত্ত পৰিষদ আৰু লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৭ মাৰ্চৰ পিছত সাহিত্য সাহিত্য সন্ধান' চুটি গল্প প্ৰতিযোগিতাৰ নিৰ্বাচিত গল্পসমূহ প্ৰকাশ কৰা হোৱা নাছিল। ইতিপূৰ্বে ৪০ টা নিৰ্বাচিত গল্প প্ৰকাশ পাইছে আৰু ৪১ নং নিয়ৰ শিৰোনামৰ গল্পটোৰে বাকী থকা গল্পসমূহ অহা ৬ আগষ্ট পৰ্যন্ত প্ৰতিসপ্তাহত ২ টাকৈ প্ৰকাশৰ পুণৰ দিহা কৰা হৈছে।ডিজিটেল সংস্কৰণৰ বৰ্ষপূতিত এই শিতানত স্থান লাভ কৰা সকলক সন্মানিক কৰা হ'ব। ইচ্ছুক প্ৰতিযোগীয়ে এতিয়াও ওপৰত উল্লেখ কৰা নম্বৰলৈ নাম, ঠিকনা, ফটোসহ ৩১ জুলাই পৰ্যন্ত গল্প প্ৰেৰণ কৰিব পাৰিব।)

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in