নাগা পিপ’লছ ফ্ৰণ্টৰ পৰা ৭ বিসম্বাদী বিধায়কক নিলম্বন

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, ৱাখাঃ ১১ এপ্ৰিলৰ নাগালেণ্ডৰ একমাত্ৰ লোকসভা আসনখনৰ নিৰ্বাচনত এনডিপিপি আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী টখেহু য়েপথমিক সমৰ্থন কৰাৰ বাবে মঙলবাৰে নাগা পিপ'লছ ফ্ৰণ্টে তেওঁলোকৰ ৭ গৰাকী বিসম্বাদী বিধায়কক দলৰ পৰা নিলম্বন কৰিছে। মঙলবাৰে এন পি এফে নিলম্বন কৰা বিধায়কসকল হ'ল এন থংৱাঙ কন্যাক, ইছাক কন্যাক, ই ই পাঙটঙ, টয়াঙ চাঙ, কেজং চাঙ, বি এছ নাঙলাঙ আৰু চি এল জন।

উল্লেখ্য যে, ১১ এপ্ৰিলত লোকসভা নিৰ্বাচনত এনডিপিপি আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন কৰাৰ বাবে বিধায়ক কেইজনৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল। দলে বিষয়টো অনুসন্ধান কৰি মঙলবাৰে দলৰ সভাপতি ছুৰজেলি লিজিৎছুৰ সভাপতিত্বত বহা অনুশাসন সমিতিয়ে বিধায়কসকলক দলৰ প্ৰাথমিক সদস্য পদৰ বহিষ্কাৰ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in