ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবৰ

ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবৰ

ডিজিটেল সংবাদ, ধুবুৰীঃ শনিবাৰে ধুবুৰীত দুখনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি দলীয় প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱৰ লগতে ওৱাজেদ আলী চৌধুৰীয়ে। উল্লেখ্য যে, শনিবাৰে হেলিকপ্টাৰযোগে ৰিপুন বৰা আৰু সুস্মিতাই ধুবুৰী লোকসভা সমষ্টিৰ দক্ষিণ শালমাৰা আৰু ধুবুৰীত দুখনকৈ নিৰ্বাচনী সভাত অংশ লৈ চলায় নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী সভাখনত ৰিপুন বৰা আৰু সুস্মিতাই তুলাধূনা দিলে বিজেপি আৰু নৰেন্দ্ৰ মোডীক।

উল্লেখ্য যে, যোৱা কেইটা দিনত কংগ্ৰেছৰ দুখনকৈ সভাত অনুপস্থিত থকা ৰিপুন বৰাই শনিবাৰে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে হেলিকপ্টাৰ লৈ উপস্থিত হয় ধুবুৰীত। ধুবুৰীৰ দক্ষিণ শালমাৰা সমষ্টিত এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ পিছত ধুবুৰীৰ ঝাগৰাৰ পাৰত অনুষ্ঠিত সভাত অংশ লৈ দলীয় প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰিপুন বৰা আৰু সুস্মিতাৰ লগতে ওৱাজেদ আলী চৌধুৰীয়ে।

ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত কংগ্ৰেছৰ নেতা ৱাজেদে বিজেপি দলক সাম্প্ৰদায়িক দল আখ্যা দি বিশ্বনাথ কাণ্ডৰ প্ৰসংগ উপস্থাপন কৰি নৰেন্দ্ৰ মোডীয়ে চৰকাৰ গঠনৰ পিছৰ পৰা দেশত গণতন্ত্ৰ ভূলুণ্ঠিত হৈ গৈছে বুলি সমালোচনা কৰে। লগতে এইবেলি দেশত ৰাহুল গান্ধীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন হব বুলি দাবী কৰে ৱাজেদে।

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই নিজৰ ভাষণত নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰি চাহ বিক্রেতা আৰু চকীদাৰৰ প্ৰসংগ উপস্থাপন কৰি তীব্ৰ সমালোচনা কৰে। তেওঁ কয়- এজন প্ৰধানমন্ত্ৰীয়ে নিজকে চকীদাৰ বুলি কোৱা ঘটনাই ভাৰতবৰ্ষক অপমান কৰা হৈছে বুলি মন্তব্য কৰে। আনহাতে নিৰ্বাচনৰ পূৰ্বে মোডী চৰকাৰে বনোৱা বাজেটক মিছা বাজেট তথা ফাঁকিৰ বাজেট বুলি মন্তব্য কৰে ৰিপুন বৰাই। ইফালে সংবাদ মাধ্যমৰ আগত এইবেলি কংগ্ৰেছে কমেও দহখন আসন কংগ্ৰেছে লাভ কৰিব বুলি কৈ আজমলক শত্ৰু আখ্যা দি আজমলৰ লগত কোনো মিত্ৰতা থাকিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে।

ইফালে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা সাংসদ সুস্মিতা দেবেও নিজৰ ভাষণত বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ লক্ষ্য কৰি লয়। কংগ্ৰেছৰ এই নিৰ্বাচনী জনসভাত ৰাইজৰ উপস্থিতি তেনেই কম যদিওঁ ইয়াৰ পিছতো এই সভাই কংগ্ৰেছৰ জয়ৰ ইংগিত বহন কৰা বুলি চাঞ্চল্যকৰ মন্তব্য কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে। আনহাতে বিজেপিক আক্ৰমণ কৰি বিজেপিয়ে অসম তথা দেশখনত হিন্দু মুছলমানৰ ৰাজনীতি কৰি হিন্দু মুছলমানৰ মাজত বিভাজন আনি দিছে বুলি মন্তব্য কৰি এই হিন্দু মুছলমানৰ মাজৰ বিভাজন বন্ধ কৰিবলৈ হলে কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনায় সুস্মিতাই।

সংবাদ মাধ্যমৰ আগত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে মন্তব্য কৰি সুস্মিতাই কয়- এই বিধেয়ক নৰেন্দ্ৰ মোডীৰ ভাউতা অৰ্থাৎ প্ৰবঞ্চনা। লগতে বৰাকত গৈ অসমীয়াৰ মতামত মতেই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কথা কৈছিল বুলি কৈ এয়া সম্পূৰ্ণ মিছা কথা বুলি উল্লেখ কৰে। কিন্তু কংগ্ৰেছৰ জয় নিশ্চিত বুলি কংগ্ৰেছে দাবী কৰিলেও শনিবাৰৰ সভাখনত ৰাইজৰ উপস্থিতি যথেষ্ট সেৰেঙা দেখা পোৱা যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in