প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ নলয় সুষমা স্বৰাজ, নীতিশ কুমাৰে

প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ নলয় সুষমা স্বৰাজ, নীতিশ কুমাৰে
  • বিদেশ মন্ত্ৰী সুষমা স্বৰাজে অংশ নলয় মোডীৰ মন্ত্ৰীসভাত।
  • প্রধানমন্ত্ৰীৰ শপত গ্ৰহণ সমাৰোহতো উপস্থিত নাথাকে সুষমা স্বৰাজ।
  • স্বাস্থ্য জনিত কাৰণতে উপস্থিত নাথাকে বুলি জনায় বিদেশ মন্ত্ৰীগৰাকীয়ে।
  • উল্লেখ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছিল সুষমা স্বৰাজে।
  • বৰ্তমান তেওঁ লোকসভা সভা কিম্বা ৰাজ্যসভা কোনো সংসদৰে সদস্য নহয়।
  • যাৰ পৰিপ্ৰেক্ষিতত মোডীৰ মন্ত্ৰীসভাত স্থান লাভ নকৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছিল।
  • ইফালে বিহাৰৰ এনডিএ সহযোগী দল জেডিইউৰ অধ্যক্ষ তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও অংশ নলয় প্ৰধান মন্ত্ৰীৰ শপত গ্ৰহণ সমাৰোহত।
  • মন্ত্ৰীসভাত ৩ গৰাকী সাংসদৰ মন্ত্ৰিত্ব বিচাৰিছিল নীতিশ কুমাৰে।
  • বিজেপিয়ে তাৰ পৰিৱৰ্তে ২ জনকহে মন্ত্ৰিত্ব প্ৰদান কৰাৰ বাবে অসন্তুষ্ট নীতিশ কুমাৰ।
  • উল্লেখ্য যে, স্বাস্থ্যজনিত কাৰণত বৰ্তমানৰ বিত্তমন্ত্ৰী অৰুণ জেটলীয়েও মন্ত্ৰী পদ নোলোৱাৰ সিদ্ধান্ত লৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in