কেইখনমান বিৰল আলোকচিত্ৰৰে সুষমা স্বৰাজৰ বৰ্ণিল জীৱন…

কেইখনমান বিৰল আলোকচিত্ৰৰে সুষমা স্বৰাজৰ বৰ্ণিল জীৱন…

ডিজিটেল ডেস্কঃ ৬৭ বছৰ বয়সত মৃত্যু হ'ল সুষমা স্বৰাজৰ। প্ৰাক্তন বিদেশ মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল ৰাষ্ট্ৰীয় মৰ্যাদাৰে। সুষমা স্বৰাজৰ জন্ম হৈছিল হাৰিয়ানাত।

ভাতৃ গুলচন শৰ্মাৰ সৈতে শিশু কালৰ সুষমা স্বৰাজৰ এখন বিৰল ফটো…

ৰাজনীতিলৈ অহাৰ পূৰ্বে সুষমা স্বৰাজে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰূপে কৰ্মজীৱনৰ পাতনি মেলিছিল। ২৭ বছৰ বয়সতে হাৰিয়ানাৰ মন্ত্ৰী হৈছিল সুষমা স্বৰাজ।

কলেজত পঢ়ি থকা কালত এন চি চি কেডাৰ ৰূপত সুষমা স্বৰাজ…

সুষমা স্বৰাজ আছিল এক প্ৰতিবাদী কণ্ঠ। ১৯৭৫চনত সুষমা স্বৰাজে স্বৰাজ কুশলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। মৃত্যুৰ পূৰ্বে বৈবাহিক জীৱনৰ ৪৪ বছৰ সম্পূৰ্ণ কৰিছিল দুয়ো।

স্বামীৰ সৈতে ন-বোৱাৰীৰ ৰূপত সুষমা স্বৰাজ, (ফটো- ১৯৭৭)

১৯৭৭চনত হাৰিয়ানাৰ কেবিনেট মন্ত্ৰী ৰূপে শপত লৈছিল সুষমা স্বৰাজে। তেওঁ আছিল আটাইতকৈ কনিষ্ট কেবিনেট মন্ত্ৰী। ৰাজ্যপাল জে লাল হাঠীয়ে শপতবাক্য পাঠ কৰাইছিল সুষমা স্বৰাজক।

হাৰিয়ানাৰ কেবিনেট মন্ত্ৰী ৰূপে শপত লোৱা সময়ত সুষমা স্বৰাজ…

দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল সুষমা স্বৰাজে। কেৱল বিজেপিৰেই নহয়, আন ৰাজনৈতিক দলৰ নেতাৰো প্ৰিয়পাত্ৰ আছিল সুষমা স্বৰাজ।

দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰা পাছত…

জয়প্ৰকাশ নাৰায়ণৰ সৈতে সুসম্পৰ্ক আছিল সুষমা স্বৰাজৰ। তেওঁৰ পিতৃ আছিল আৰ এছ এছৰ নেতা।

জয়প্ৰকাশ নাৰায়ণৰ সৈতে সুষমা স্বৰাজ…

১৯৯৮চনত লোকসভা নিৰ্বাচনত জয়ী হৈছিল সুষমা স্বৰাজ। কেবিনেট মন্ত্ৰী ৰূপে সুষমা স্বৰাজে স্থান লাভ কৰিছিল অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰী সভাত।

১৯৯৮চনত লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পাছত গুণমুগ্ধৰ মাজত সুষমা স্বৰাজ।

আন্তঃৰাষ্ট্ৰীয় নেতাসকলৰ মাজতো সুষমা স্বৰাজ আছিল সুপৰিচিত। বিদেশ মন্ত্ৰী ৰূপে মোডীৰ প্ৰথমটো কাৰ্যকালত সুষমা স্বৰাজে অসুস্থতাৰ মাজতে সুচাৰুৰূপে দায়িত্ব পালন কৰিছিল।

১৯৯৯চনত বেনাজিৰ ভূট্টোৰ সৈতে সুষমা স্বৰাজ…

লালকৃষ্ণ আদৱানী, অটল বিহাৰী বাজপেয়ীৰ দৰে নেতাৰ প্ৰিয় পাত্ৰ আছিল সুষমা স্বৰাজ।

অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানীৰ সৈতে সুষমা স্বৰাজ…

সুষমা স্বৰাজৰ স্বামীক স্বৰাজ কুশলে অতি সাধাৰণভাৱে জীৱন-যাপন কৰে। দুয়োৰে মাজত আছিল যথেষ্ট বুজাবুজি।

স্বামীৰ সৈতে ২০১৮চনত সুষমা স্বৰাজৰ ফটো…

বিৰোধী পক্ষৰ নেতাৰ সৈতেও সুষমা স্বৰাজে সুসম্পৰ্ক বজাই ৰাখিছিল।

মমতা বেনাৰ্জীৰ সৈতে সুষমা স্বৰাজ…

কুকুৰ ভাল পাইছিল সুষমা স্বৰাজে। ঘৰত থকা সময়ত ব্যস্ততাৰ মাজতে তেওঁ যতন লৈছিল পোহনীয়া কুকুৰটোৰ।

পোহনীয়া কুকুৰটোক মৰম কৰি থকা সময়ত সুষমা স্বৰাজ…

৬ আগষ্ট, ২০১৯ত শেষ নিশ্বাস ত্যাগ কৰা সুষমা স্বৰাজৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় ৭ আগষ্ট, ২০১৯ত। অন্ত্যেষ্টিক্ৰিয়াত অসুস্থ শৰীৰেৰে অংশ ল'লে এল কে আদৱানীয়ে। প্ৰধানমন্ত্ৰী মোডী, ৰাজনাথ সিঙে হাতত ধৰি আগবঢ়াই আনিছিল জ্যেষ্ঠ নেতাগৰাকীক।

প্ৰধানমন্ত্ৰী মোডী, ৰাজনাথ সিঙে হাতত ধৰি আগবঢ়াই আনিছিল জ্যেষ্ঠ নেতা এল কে আদৱানীক…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in