শেহতীয়া খবৰ
গৰৈমাৰীৰ দুখনকৈ গাঁও পঞ্চায়তৰ কংগ্ৰেছী সভানেত্ৰীক দল বিৰোধী কাৰ্যকলাপৰ বাবে বহিষ্কাৰ • বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত গছ পুলিৰ চাহিদা বৃদ্ধি... • মৰিশালীৰ নিস্তব্ধতাৰ মাজতে নগাঁও কাগজ কলত সোণালী জয়ন্তি... • ৰাজ্যত আৰু ৪২জনৰ দেহত ধৰা পৰিল কোৰোনা ভাইৰাছ... • ৰাজ্যত নতুনকৈ ৮৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ • গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কাৰাবন্দীৰ দেহত কোভিড-১৯... • জাজৰি আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈ অৱশেষত কৰুণ মৃত্যুক সাবটিলে গাঁওৰক্ষী বাহিনীৰ সম্পাদকে... • বিস্ময়ঃ শশী ফুকনে কি ক’লে... • অৰুণাচল প্ৰদেশত পুনৰ ৪গৰাকী লোকৰ দেহত কোৰোনা... • নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰৰ তৃতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্তৰ…

ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু কৰিম মানহানিৰ গোচৰঃ বিজেপি নেতাৰ টুইট….

256

ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু কৰা হ’ব মানহানিৰ গোচৰ। বিজেপি নেতা তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সুশীল মোডীয়ে ৰুজু কৰিব এই গোচৰ। ৰাহুল গান্ধীয়ে মোডী উপাধিৰ সকলো লোকেই চোৰ বুলি কৰা মন্তব্যৰ পাছতেই সুশীল মোডীয়ে মানহানিৰ গোচৰ ৰুজু কৰিব বুলি টুইটাৰযোগে জনায়।

কৰ্ণাটকত শনিবাৰে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাহুল গান্ধীয়ে ভ্ৰষ্টাচাৰৰ ইছ্যু লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি অভিযোগ উত্থাপন কৰি গৈছিল যে ‘চকীদাৰ ১০০ শতাংশ চোৰ’। লগতে তেওঁ কৈছিল যে- ‘সকলো চোৰৰ উপাধি মোডী কিয়?’

কৰ্ণাটকৰ কোলাৰ, চিত্ৰগৰ্গ আৰু কেআৰ নগৰত যোৱা ১৩ এপ্ৰিলত কংগ্ৰেছ আৰু দলটোৰ সমৰ্থকসকলে জে ডি এছৰ প্ৰাৰ্থীজনৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়.ৰাহুল গান্ধীয়ে। তেওঁ কয় যে- লোকসভা নিৰ্বাচন অনিল আম্বানী আৰু সাধাৰণ জনতাৰ মাজত তথা চোৰ আৰু ভ্ৰষ্টতা বিৰোধী ৰাইজৰ মাজৰ এখন যুঁজ।

ইফালে, ৰাহুল গান্ধীয়ে ‘সকলো চোৰৰ উপাধি কিয় মোডী’ বুলি কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি নেতা তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে যে- তেওঁ কংগ্ৰেছ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি