ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানি গোচৰ তৰিব বিহাৰৰ উপ মুখ্যমন্ত্ৰী সুশীল মোডীয়ে…

ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানি গোচৰ তৰিব বিহাৰৰ উপ মুখ্যমন্ত্ৰী সুশীল মোডীয়ে…

ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানি গোচৰ তৰিব বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা সুশীল মোডীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰিবলৈ গৈ ৰাহুল গান্ধীয়ে মোডী উপাধিৰ সকলো লোককে চোৰ বুলি কোৱাৰ অভি্যোগত এই মানহানি গোচৰ তৰিব মোডীয়ে।  সংবাদ মাধ্যমৰ সন্মুখত এই বিষয়ৰ সন্দৰ্ভত কয় যে-্ 'অতি সোনকালেই ৰাহুল গান্ধীৰ বিৰুদ্ধে মই মানহানিৰ গোচৰ তৰিম।

মোডী উপাধিৰ সকলো লোককে কটাক্ষ কৰাৰ অধিকাৰ ৰাহুল গান্ধীৰ নাই।' লগতে বিহাৰৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰি কয়- '২০১৪ৰ দৰে বৰ্তমানেও দেশত মোডীৰ বতাহ চলি আছে। এই বতাহত কম্পমান কংগ্ৰেছৰ লগতে মিত্ৰজোটৰ আন দলসমূহো।পৰাজয় নিশ্চিত বুলি জানিয়ে বিৰোধীয়ে এতিয়া ই ভি এমক লৈ প্ৰশ্ন উত্থাপন কৰিছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in