শেহতীয়া খবৰ
অসমত আকৌ ৫৮৩৫জন কোভিড পজিটিভ, ৭৩জনৰ মৃত্যু...  •  লেচিয়া নৈত মাছ ধৰিবলৈ গৈ বঙালমাৰী মিচিং গাঁৱৰ ২ কিশোৰৰ মৃত্যু...  •  ধেমাজিত পুনৰ ৩৬ জনৰ কোভিড পজিটিভ চিনাক্ত...  •  শিক্ষক-খেলুৱৈ-ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি মিলন কোৱঁৰৰ মৃত্যু...  •  মাধৱদেৱ কলাক্ষেত্ৰ পৰিদৰ্শণ কৰি ঠিকাদাৰক সকীয়নি বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ…  •  নগাঁৱত পুনৰ ৪১৬জন কোৰোনাত আক্ৰান্ত, দুজনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ৩ দিন ধৰি সন্ধানহীন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ...  •  কোৰোনাৰ বধ্যভূমি মধুপুৰ চাহ বাগিচাত ৫১ গৰাকী আক্ৰান্ত কোভিডত...  •  গণ সংক্ৰমণৰ দিশে বটদ্ৰৱাৰ সৰুহিছা আৰু ভেটিয়নী গাঁও...  •  তিতাবৰত জব্দ লক্ষাধিক টকা মূল্যৰ অবৈধ বিদেশী সুৰা...

সুশান্ত সিঙে কাম অভাৱত আত্মহত্যা কৰা নাছিল! মৃত্যুৰ আগদিনাও পাইছিল দুখন চিনেমাৰ অফাৰ…

6,936

ডিজিটেল ডেস্কঃ মৃত্যুৰ পাছত সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ এনে কিছুমান কথা পোহৰলৈ আহিছে যে সকলোৱে এবাৰ হলেও ভাৱিছে, সচাকৈয়ে অভিনেতাগৰাকীয়ে আত্মহত্যা কৰিছিলনে? শেহতীয়াকৈ পোহৰলৈ অহা এনে এটি কথাই পুনৰ অনুৰাগীসকলক ভৱাই তুলিছে এই কথা। দুখনকৈ ৰাজ্যৰ আৰক্ষীয়ে নিজাববীয়াকৈ চলাই থকা তদন্তত পোহৰলৈ আহিছে যে, আত্মহত্যাৰ এদিনৰ পূৰ্বে সুশান্তে এখন ছবিৰ সংক্ৰান্তত ফোনত কথা পাতিছিল এগৰাকী পৰিচালকৰ সৈতে।

প্ৰাপ্ত খবৰ অনুসৰি, সুশান্তৰ মেনেজাৰ উদয় সিং গৌৰীয়ে দুগৰাকী পৰিচালকৰ সৈতেও কথা পতাই দিছিলে। আৰক্ষীৰ জেৰাত মেনেজাৰগৰাকীয়ে উল্লেখ কৰা মতে, পৰিচালক নিখিল আদৱানী আৰু প্ৰযোজক ৰমেশ তৌৰিনীৰ সৈতে কথা হৈছিল সুশান্তৰ। দুখন ছবিক লৈ এই কথা হৈছিল বুলি সদৰি কৰিছে মেনেজাৰ গৰাকীয়ে। উল্লেখ্য যে, সুশান্তে ছবিত কাম নোপোৱাৰ বাবেই হতাশাত ভুগি আত্মহত্যা কৰিছিল বুলি চৰ্চা হৈছিল যদিও এনেবোৰ কথাই সেই সকলোবোৰ কথাৰ ওপৰত যতি পেলাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি