মঞ্চ সম্ৰাট তথা ভ্ৰাম্যমানৰ চানক্য সুৰেন মহন্ত আৰু নাই…

মঞ্চ সম্ৰাট তথা ভ্ৰাম্যমানৰ চানক্য সুৰেন মহন্ত আৰু নাই…
  • বিশিষ্ট অভিনেতা সুৰেন মহন্ত আৰু নাই।
  • তেজপুৰৰ টাইমছ হাস্পতালত দেহাৱসান ঘটে অভিনেতাগৰাকীৰ।
  • অসমীয়া বোলছবি আৰু ভ্ৰাম্যমান নাট্যজগতত তেওঁৰ আছিল এখন সুকীয়া আসন।
  • বুধবাৰে নিশা প্ৰায় ৯.৩০ মিনিটত মৃত্যু হয় অভিনেতাগৰাকীৰ
  • সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী।
  • ভ্ৰাম্যমান জগতৰ সম্ৰাট সুৰেন মহন্ত শিৱসাগৰ চেপনত নাটকত অভিনয় কৰি থকাৰ কালতে ১১ মাৰ্চৰ দিনা ককাল আৰু পিঠিৰ বিষয়ত গুৰুত্বভাৱে অসুস্থ হৈ পৰিছিল।
  • অভিনয় নকৰি বিচনাত চটফটাই থকা সুৰেন মহন্তক পৰিয়ালৰ লোকে নিশাই শিৱসাগৰৰপৰা তেজপুৰলৈ আনি চিকিৎসা কৰি আছে।
  • ৩০ বছৰ কাল ভ্ৰাম্যমান জগতৰ সৈতে জড়িত মহন্তৰ বিয়োগ অসমীয়া ছবিজগতৰ বাবে অপূৰণীয় ক্ষতি।
  • তেজপুৰ নিৱাসী সুৰেণ মহন্তৰ সদ্যবিয়োগত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰে ।
  • এক শোকবাৰ্তাৰ জৰিয়তে সভাৰ সভাপতি ড°কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদব শৰ্মাই সুৰেণ মহন্তৰ মৃত্যু অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনিৰ এক অপূৰণীয় ক্ষতি হ'ল বুলি দোহাৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in