হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান…

হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান…

ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশৰ হাথৰছ হত্যা আৰু ধৰ্ষণকাণ্ডক লৈ মঙলবাৰে উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিব। মুখ্য ন্যায়াধীশ এছ এ ব'বডে, ন্যায়াধীশ এ এছ বোপন্না আৰু ন্যায়াধীশ বি ৰামাসুব্ৰমণিয়মৰ বেন্সে ৰায় প্ৰদান কৰিব এই হত্যা-ধৰ্ষণকাণ্ডৰ গোচৰৰ। উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত ল'ব যে এই গোচৰৰ ওপৰত দৃষ্টি সৰ্বোচ্চ ন্যায়ালয়ে ৰাখিব নে ইয়াৰ দায়িত্ব দিয়া হ'ব এলাহাবাদ হাই কৰ্টক।

লগতে এই গোচৰৰ ট্ৰায়েল দিল্লীলৈ বদলি কৰা হ'ব নে নহয় আৰু লগতে সাক্ষী সকলৰ নিৰাপত্তা কেন্দ্ৰীয় সুৰা বলক দিয়া হ'ব নে নহয়। উচ্চতম ন্যায়ালয়ত পীড়িতাৰ পৰিয়ালে অনুৰোধ জনাইছে যে, এই গোচৰৰ ট্ৰায়েল দিল্লীত হ'ব লাগে। উল্লেখ্য যে, হাথৰছৰ এই কাণ্ডক লৈ এক আৱেদন দাখিল কৰা হৈছে য'ত লিখা হৈছে যে, ঘটনাৰ তদন্ত আৰু শুনানি নিৰপেক্ষভাৱে উত্তৰপ্ৰদেশত কৰা হোৱা নাই, গতিকে দিল্লীলৈ বদলি কৰিব লাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in