শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ…

289

ডিজিটেল ডেস্কঃ দেশত কোৰোনাৰ বিভীষিকা। সমগ্ৰ জনতা এতিয়া সংকটৰ গৰাহত।এনে সময়তে বৃহস্পতি বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক চৰকাৰ পৰা অক্সিজেন যোগান, ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা ঔষধৰ যোগানৰ বাবে অত্যাৱশ্যকীয় ঔষধৰ যোগান আদি বিষয় সমূহক লৈ ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান জনাইছে।

উচ্চতম ন্যায়ালয়ে দেশত ৰাষ্ট্ৰীয় জৰুৰী কালীল পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে এই সমগ্ৰ বিষয় সন্দৰ্ভত নিজাববীয়াকৈ শুনানি গ্ৰহণ কৰে। দেশত অক্সিজেনৰ নাটনি, ৰোগীৰ বাবে বিছনা, ভেন্টেলেশ্যন, অত্যাৱশ্যকীয় ঔষধৰ নাটনি হোৱা কথাটো গুৰুত্ব সহকাৰে লয়। ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা চাৰিটা বিষয়ৰ ওপৰত ৰাষ্ট্ৰীয় আঁচনি বিচাৰিছে।

জানিব পৰা মতে, এই বিষয় সমূহৰ ওপৰত অহা ২৩ এপ্ৰিলত শুনানি গ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশ এ এছ বোবদেই কয়- কোৰোনা পৰিস্থিতি আৰু অক্সিজেনৰ নাটনি হোৱাৰ সন্দৰ্ভত দেশৰ ৬ খন সুকীয়া সুকীয়া উচ্চ ন্যায়ালয় দিল্লী, মুম্বাই, ছিকিম, মধ্য প্ৰদেশ, কলকাতা আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ত শুনানি চলি থকাটো পৰিলক্ষিত হয়। তেওঁক লৈ গঠিত এখন বিচাৰপীঠে এই বিষয়বোৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় পৰিকল্পনা আদালতত দাখিল কৰিবলৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক নিৰ্দেশ দিয়ে।

ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে ভেকচিন প্ৰদান প্ৰনালী আৰু লকডাউন ঘোষণাৰ অধিকাৰ সন্দৰ্ভতো উত্তৰ বিচাৰিছে। লকডাউনৰ সিদ্ধান্ত প্ৰতিখন ৰাজ্য চৰকাৰৰ হাতত থকিব লাগে। ই ন্যায়িক সিদ্ধান্ত হ’ব নালাগে। তথাপিও বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয় সমূহৰ লকডাউন ঘোষণা অধিকাৰৰ বিষয়টো আমি পৰীক্ষা কৰিব চাম বুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে ব্যক্ত কৰে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি