প্ৰৰোচিত মন্তব্য কৰা ৩ বিজেপি নেতাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল, বুধবাৰে হ’ব শুনানি…

প্ৰৰোচিত মন্তব্য কৰা ৩ বিজেপি নেতাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল, বুধবাৰে হ’ব শুনানি…

ডিজিটেল ডেস্কঃ দিল্লীৰ হিংসাত্মক ঘটনাক লৈ প্ৰৰোচিত মন্তব্য কৰা বিজেপিৰ ৩ নেতা ক্ৰমে- কপিল মিশ্ৰ, অনুৰাগ ঠাকুৰ আৰু পৰভেজ বাৰ্মাৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে আবেদন। এই আবেদনৰ শুনানি অহা বুধবাৰে গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে, এই ৩ বিজেপি নেতাৰ বিৰুদ্ধে যোৱা সপ্তাহতে আদালতত আবেদন দাখিল কৰা হৈছিল।

আবেদনত প্ৰৰোচিত ভাষণ দিয়া অনুৰাগ ঠাকুৰ, কপিল মিশ্ৰা আৰু পাৰভেজ বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ দাবী জনোৱা হৈছে। আবেদন দাখিল সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেয়ে কয় যে বুধবাৰে ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব আৰু তাৰ পাছতহে এক সিদ্ধান্তত উপনীত হ'ব পৰা যাব। তেতিয়ালৈকে সকলোকে শান্তি বৰ্তাই ৰাখিবলৈও আহ্বান জনায় মুখ্য ন্যায়াধীশগৰাকীয়ে। প্ৰণিধানযোগ্য যে, পূৰ্বে এই গোচৰ ১৩ এপ্ৰিললৈ স্থগিত ৰাখিছিল দিল্লী উচ্চ ন্যায়ালয়ে। তাৰ পিছতে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰে আবেদন।

ইফালে এই আবেদনত আবেদনকাৰীয়ে দিল্লীৰ হিংসাত্মক ঘটনাত নিহত আৰু আহত সকলক উচিত ক্ষতিপূৰণ প্ৰদান কৰা, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে আটক কৰা লোকসকলৰ নামৰ তালিকা ৰাজহুৱা কৰা, হিংসা প্ৰভাৱিত অঞ্চলসমূহৰ চিচি টিভি ফুটেজ সংৰক্ষণ কৰা আৰু নিহত সকলৰ মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পৰিয়ালক অৰ্পণ কৰাৰ দাবীও জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in