মন্দিৰত কেনেকৈ উপাসনা কৰিব লাগে সেই বিষয় আদালতৰ নহয়ঃ উচ্চতম ন্যায়ালয়…

মন্দিৰত কেনেকৈ উপাসনা কৰিব লাগে সেই বিষয় আদালতৰ নহয়ঃ উচ্চতম ন্যায়ালয়…

ডিজিটেল ডেস্কঃ মন্দিৰত কেনেকৈ উপাসনা কৰিব লাগে সেই বিষয় আদালতৰ নহয়। মঙ্গলবাৰে উচ্চতম ন্যায়ালয়ে তিৰুপতি বালাজী মন্দিৰ বিষয়ক এক গোচৰৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই। শুনানিত তেওঁ কয়, মন্দিৰত কনকৈ উপাসনা কৰিব লাগে সেয়া আদালতৰ বিষয় নহয়। নাৰিকল কেনেদৰে ভাঙিব, আৰতি কেনেদৰে কৰিব এই বিষয়ে আদালতে সিদ্ধান্ত ল'ব নোৱাৰে।

আদালতে মন্দিৰৰ ৰীতি-নীতিত হস্তক্ষেপ কৰিব নোৱাৰে। মুখ্য ন্যায়াধীশ এন ভি ৰমনাই কয় যে যদি কোনো অভাৱ পোৱা যায়, আমি ইয়াক সংশোধন কৰিবলৈ ক'ব পাৰোঁ, কিন্তু আমি উপাসনা কৰাৰ পথত কোনো হস্তক্ষেপ কৰিব নোৱাৰো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in