ভুৱা দেশদ্ৰোহৰ গোচৰঃ মণিপুৰৰ বন্দী ৰাজনৈতিক কৰ্মীক তাৎক্ষণিক মুকলিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ভুৱা দেশদ্ৰোহৰ গোচৰঃ মণিপুৰৰ বন্দী ৰাজনৈতিক কৰ্মীক তাৎক্ষণিক মুকলিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশৰ উচ্চতম ন্যায়ালয়ে তাৎক্ষণিকভাৱে মুকলি কৰিদিবলৈ নিৰ্দেশ দিছে দেশদ্ৰোহৰ গ্ৰেপ্তাৰ হৈ কাৰাগাৰত থকা মণিপুৰৰ ৰাজনৈতিক কৰ্মী। মণিপুৰৰ ৰাজনৈতিক অধিকাৰ কৰ্মী লেইকোম্বাম আৰেণ্ডোক তেওঁৰ এটা ফেচবুক পোষ্টৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কঠোৰ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গোচৰ জাপি দিছিল। তেওঁৰ অপৰাধ আছিল এগৰাকী বি জে পি নেতাক সমালোচনা। তেওঁ বিজেপি নেতাক সমালোচনা কৰি ফেচবুকত লিখিছিল গো-মুত্ৰ আৰু গৰুৰ গোবৰে কোৰোনা আৰোগ্য কৰিব নোৱাৰে।

দেশৰ উচ্চতম ন্যায়ালয়ে সোমবাৰে তাৎক্ষণিকভাৱে আৰেণ্ডোক মুকলি কৰিবলৈ নিৰ্দেশ দি কৈছে, লেইকোমম্বামৰ দীঘলীয়া কাৰাবাসে সংবিধানৰ অনুচ্ছেদ ২১ অনুসৰি তেওঁৰ জীৱনৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনচা খৰ্ব কৰিব। ন্যায়ালয়ে সোমবাৰৰ সন্ধিয়া ৫ বজাৰ ভিতৰত তেওঁক মুকলি কৰিবলৈ নিৰ্দেশ দিছে।

কাৰাগাৰত বন্দী হৈ থকা ৰাজনৈতিক কৰ্মীগৰাকীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল আৱেদন। সেই আৱেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in