শেহতীয়া খবৰ
শিলচৰত সংখ্যালঘু আৰু চাহ জনগোষ্ঠীয় ভোটাৰে নিৰূপণ কৰিব সুস্মিতা-ৰাজদ্বীপৰ ভাগ্য  •  গভীৰ ৰহস্যৰ আৱৰ্তত চাপৰৰ বিজেপি নেতা তথা চিকিৎসক হত্যাকাণ্ডৰ ঘটনা, VIDEO  •  সোণোৱাল-মোডী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ অতুল বৰা  •  নতুন দিল্লীত ভাৰত চৰকাৰৰে নগা বিদ্ৰোহী এনএছচিএন (আই এম)ৰ যুদ্ধ বিৰতি পৰ্যালোচনা বৈঠক  •  মথুৰাপুৰৰ শ্ৰীপুৰত আশীৰ্বাদ গ্ৰাম্য সংগঠনৰ কাৰ্যালয় নিৰ্মাণৰ শুভাৰম্ভ  •  প্ৰধানমন্ত্ৰীৰ ৫৬ ইঞ্চিৰ বুকুক উপহাস! মোডীক লৈ নিৰ্মাণ হ’ব লাগে কমেডী চিনেমা, কাৰ মন্তব্য এয়া...  •  ফ্লায়িং স্কোৱাডৰ দলক বাধাঃ হেলিকপ্টাৰত তালাচী চলাবলৈ নিদিলে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে, VIDEO  •  থানাৰ ভিতৰতে কোন কংগ্ৰেছ নেতাই কাক শোধালে চৰ... VIDEO  •  তামুলপুৰৰ ছলিকান্দাত ইউপিপিএলৰ নিৰ্বাচনী সভা  •  ৰৌমাৰী পাথাৰত অঘটন, ট্ৰেক্টৰৰ চেপাত এজনৰ মৃত্যু

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই কলকাতাৰ আৰক্ষী আয়ুক্তৰ চিবিআইলৈ চিঠি

৮ ফেব্ৰুৱাৰীত শ্বিলংস্থিত চিবিআইৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ সাজু ৰাজীৱ কুমাৰ

1,829

ডিজিটেল ডেস্কঃ কলকাতা আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰে চিবিআইৰ তদন্তত সহযোগ কৰিব বুলি জনায় অনুসন্ধানকাৰী সংস্থাটোক। উচ্চতম ন্যায়ালয়ে মঙলবাৰে দিয়া নিৰ্দেশৰ পাছত চিঠি প্ৰেৰণ কৰে তেওঁ। তেওঁ চিবিআইক জনাই যে- ৮ ফেব্ৰুৱাৰীত তেওঁ চিবিআইৰ সন্মুখত হাজিৰ হ’ব। অৰ্থাৎ উক্ত দিনটোত অনুসন্ধানকাৰী সংস্থাটোৱে বিচাৰিলে শ্বিলঙৰ চিবিআই কাৰ্যালয়ত হাজিৰ হ’ব লাগিব আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ।

উচ্চতম ন্যায়ালয় নিৰ্দেশ দিয়ে যে- আৰক্ষী আয়ুক্তগৰাকীয়ে মেঘালয়ৰ শ্বিলংস্থিত চিবিআই কাৰ্যালয়ৰ নিৰপেক্ষ স্থানত হাজিৰ হ’ব লাগিব। উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ দিয়াৰ পাছতেই চিবিআই-য়ে ৰাজীৱ কুমাৰক সোধপোছ কৰাৰ বাবে প্ৰস্তুতি চলাইছে। লগতে আৰক্ষী আয়ুক্তগৰাকীক চলিত মাহৰ ২০ তাৰিখৰ ভিতৰতে চিবিআইৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে হৈছে।

ইফালে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কটাক্ষ কৰি এই সন্দৰ্ভত কয়- ‘তাত সম্ভৱত বিজেপি চৰকাৰে আছে। তেওঁলোকে তাত এই ক্ষেত্ৰত বহু লাভ পাব পাৰে।’ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-‘ আচলতে, আৰক্ষী আয়ুক্তগৰাকীয়ে কাম এৰি যোৱা কথা নাছিল। কিন্তু ভালেই হ’ল যে তেওঁ কামৰ মাজতে অলপ ছুটীত যাবলৈ পালে।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি