উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্তঃ এতিয়াৰ পৰা এজনীয়া বিচাৰপীঠত হ’ব জামিন আৰু বদলি সম্পৰ্কীয় গোচৰৰ শুনানি

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ আদালতত দীৰ্ঘকাল ধৰি পৰি ৰোৱা গোচৰৰ সংখ্যা হ্ৰাস কৰাৰ স্বাৰ্থত এক অভূতপূৰ্ব পদক্ষেপেৰে দেশত প্ৰথমবাৰলৈ জামিন আৰু বদলি সম্পৰ্কীয় গোচৰৰ শুনানিৰ বাবে এজনীয়া ন্যায়াধীশৰে গঠিত বিচাৰপীঠ গঠন কৰাত অনুমোদন জনাইছে উচ্চতম ন্যায়ালয়ে। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ সকলো গোচৰৰ শুনানি দুজন বা ততোধিক ন্যায়াধীশৰে গঠিত বিচাৰপীঠতহে গ্ৰহণ কৰা হৈছিল।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অনুমোদন জনোৱা এজনীয়া বিচাৰপীঠৰ এই নতুন নিয়মৰ সন্দৰ্ভত ১৭ ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ গেজেটত এক অধিসূচনা প্ৰকাশ কৰা হৈছে। আৰু ইয়াক ২০১৩ চনৰ বিচাৰপীঠৰ নিয়মৰ সৈতে সংলগ্ন কৰিছে। ইয়াৰ পূৰ্বে এজনীয়া বিচাৰপীঠে কেৱল এখন আদালতৰ পৰা আন এখন আদালতলৈ হস্তান্তৰ কৰিব পৰা গোচৰৰ ক্ষেত্ৰতহে শুনানি গ্ৰহণ কৰিছিল।

উচ্চতম ন্যায়ালয়ে লগতে ন্যায়ালয়সমূহত পুৰণি গোচৰ পৰি থকা সন্দৰ্ভত উদ্বেগ ব্যক্ত কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয়, 'দেশৰ আদালতসমূহত এহেজাৰটা এনে গোচৰ আছে, যিবোৰ ৫০ বছৰ পুৰণি। ২৫ বছৰ পুৰণি ২ লাখতকৈ অধিক গোচৰ এতিয়াও আদালতত পৰি আছে।' আনহাতে ৯০ লাখ ৰায়দান নোহোৱা গোচৰৰ ভিতৰত ২০ লাখ গোচৰৰেই এতিয়াও চমন জাৰি হোৱা নাই বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in