গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি…

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি…

ডিজিটেল ডেস্কঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা কেৰালা উচ্চ ন্যায়ালয় ন্যায়াধীশ ঋষিকেশ ৰয়ক নিযুক্তি দিয়া হৈছে দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে। বুধবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰয়ৰ লগতে উচ্চতম ন্যায়ালয়ৰ ৩ জন নতুন ন্যায়াধীশক নিযুক্তি দিয়ে। এই ৪ জন ন্যায়াধীশক নিযুক্তিৰ পিচতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ৩১ গৰাকীৰ পৰা ৩৪ জনলৈ বৃদ্ধি পালে। নতুনকৈ নিযুক্তি পোৱা ন্যায়াধীশ কেইজন হৈছে ৰাম সুব্ৰয়মন, কৃষ্ণ মুৰাৰী আৰু এছ ৰবিন্দ্ৰ ভট্ট।

উল্লেখ্য যে, নতুনকৈ নিযুক্তি পোৱা ঋষিকেশ ৰয়ে ২০০৪ চনৰ ২১ অক্টোবৰৰ লৈকে গুৱাহাটী উচ্চতম ন্যায়ালয়ত জেষ্ঠ্য অধিবক্তা হিচাপে কাৰ্যনিবাহ কৰাৰ লগতে ২০০৬ চনৰ লৈকে গুৱাহাটী উচ্চতম ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ হিচাপেও কাৰ্যনিবাহ কৰিছিল। ইয়াৰ পাছতে ২০০৮ চনৰ ১২ অক্টোবৰত ৰয়ক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদত অধিষ্ঠিত হয়।

ন্যায়াধীশ ঋষিকেশ ৰয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ লগতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ জ্যেষ্ঠ অধিবক্তা হিচাপেও কাৰ্যনিবাহ কৰিছিল। ৰয়ৰ চাকৰি জীৱন আৰম্ভ হৈছিল অসম ৰাজ্যিক আইন সেৱাৰ প্ৰাধিকাৰীৰ মুখ্য কাৰ্যবাহী হিচাপে। ২০১৮ চনৰ ২৯ মেত ন্যায়াধীশ ৰয়ক গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ পৰা কেৰালা উচ্চ নায়্যালয়লৈ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in