এলাহাবাদ চহৰৰ নাম প্ৰয়াগৰাজ কৰাক লৈ উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ…

এলাহাবাদ চহৰৰ নাম প্ৰয়াগৰাজ কৰাক লৈ উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ…

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ অন্যতম ঐতিহাসিক চহৰ এলাহাবাদৰ নাম সলনি কৰি ২০১৮ চনৰ ১৬ অক্টোবৰত চৰকাৰীভাৱে প্ৰয়াগৰাজ ঘোষণা কৰিছিল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰে। চহৰখনৰ নাম সলনি কৰাক লৈ বহু লোকে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল সেই সময়ত। ইফালে যোগী চৰকাৰে সলনি কৰা চহৰ খনৰ নামক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়তো দাখিল কৰা হৈছিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন।

সোমবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি কৰি উত্তৰ বিচাৰিছে। উল্লেখ্য যে, এলাহাবাদ নাম প্ৰয়াগৰাজ কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল 'এলাহাবাদ হেৰিটেজ ছ'চাইটি'ৰ তৰফৰ পৰা। এই আবেদনত কোৱা হৈছিল যে কোনো ৰে'লৱে ষ্টেছন, কেন্দ্ৰীয় বিশ্ববিদ্যালয় আদিৰ নাম সলনি কৰাৰ ৰাজ্য চৰকাৰৰ ওচৰত নাই। এই অধিকাৰ কেৱল লাভ কৰে কেন্দ্ৰীয় চৰকাৰেহে। তেনে পৰিস্থিতিত যোগী আদিত্যনাথ চৰকাৰে বে-আইনীভাৱে এলাহাবাদ চহৰৰ নাম সলনি কৰা বুলিও দাবী কৰা হয় আবেদনত।

আবেদনৰ শুনানি গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ কৰি মুখ্য ন্যায়াধীশ এছ এ বোবডে, ন্যায়াধীশ বি আৰ গভাই আৰু ন্যায়াধীশ সূৰ্যকান্তৰ এখন বিচাৰপীঠে উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি কৰি উত্তৰ বিচাৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in