উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশঃ ৪ সপ্তাহৰ ভিতৰত অনিল আম্বানীয়ে দিয়ক ৫৫০ কোটি, নহ’লে যাব লাগিব জেললৈ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশঃ ৪ সপ্তাহৰ ভিতৰত অনিল আম্বানীয়ে দিয়ক ৫৫০ কোটি, নহ’লে যাব লাগিব জেললৈ

ডিজিটেল ডেস্কঃ বুধবাৰে উচ্চতম ন্যায়ালয়ে ৰিলায়েঞ্চ কমিউনিকেশ্যনৰ চেয়াৰমেন অনিল অম্বানী সহ তিনিজন ব্যক্তিক আদালতৰ অৱমাননাৰ অভিযোগত দোষী বুলি ৰায় দিয়ে। বুধবাৰে উচ্চতম ন্যায়ালয়ে অনিল আম্বানী আৰু তেওঁৰ কোম্পানীৰ দুজন বিষয়াক দোষী ৰায় দি এৰেকশ্যন কোম্পানীৰ প্ৰাপ্য ৫৫০ কোটি টকা আদায় দিবলৈ নিৰ্দেশ দিয়ে।

ন্যায়ালয়ে ৪ সপ্তাহৰ ভিতৰত এৰিকশ্যন কোম্পানীক সেই প্ৰাপ্য ধনৰাশি আদায় দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। আনহাতে আদালতে অনিল আম্বানী আৰু দুই সঞ্চালকক এক কোটিকৈ টকা জৰিমণাও বিহিছে। লগতে নিৰ্ধাৰিত সময়ত যদি অনিল আম্বানীয়ে ধনৰাশি আদায় নিদিয়ে, তেন্তে তিনিমাহৰ কাৰাবাস খাটিব লাগিব বুলিও সকিয়নী প্ৰদান কৰিছে আদালতে।

উল্লেখ্য যে, ২০১৪ চনত এৰিকশ্যনে ৰিলায়েঞ্চ কমিউনিকেশ্যন টেলিকম নেটৱৰ্ক পৰিচালনাৰ বাবে ৭ বছৰীয়া এক চুক্তি কৰিছিল। ইয়াৰ পিছতে এৰিকশ্যনে অভিযোগ উত্থাপন কৰে যে অনিল আম্বানীৰ কোম্পানীয়ে তেওঁলোকৰ প্ৰাপ্য ১৫০০ কোটি টকা পৰিশোধ কৰা নাই। আনহাতে ২০১৮ বৰ্ষত দিৱালীয়া আদালতৰ এক চেটেলমেন্ট প্ৰক্ৰিয়াৰ জৰিয়তে অনিল আম্বানী আৰু এৰিকশ্যনৰ মাজত এক বুজাপৰা হয়। এই বুজাপৰা অনুসৰি অনিল আম্বানী আৰু তেওঁৰ কোম্পানীয়ে এৰিকশ্যনক ৫৫০ কোটি টকা আদায় দিবলৈ অনিল আম্বানীক নিৰ্দেশ দিয়া দিয়া। এই ধনৰাশি যোৱা বছৰৰে ১৫ ডিচেম্বৰৰ ভিতৰত এৰিকশ্যনক আদায় দিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যদিও নিৰ্ধাৰিত সময়ত অনিল আম্বানীয়ে সেই ধনৰাশি আদায় নিদিয়াত আদালতৰ অৱমাননা কৰাৰ অভিযোগত আদালতে অনিল আম্বানীক দোষী বুলি ৰায় প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in