শেহতীয়া খবৰ
নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...

কৃষি আইন বলবৎ সন্দৰ্ভত উচ্চতম ন্যায়লয়ৰ স্থগিতাদেশ, গঠন কৰিলে এখন সমিতি…

206

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে মঙলবাৰে নতুন কৃষি আইনৰ বলবৎ কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ৰ স্থগিতাদেশ । আদালতৰ পৰৱৰ্তী নিৰ্দেশনা লৈকে এই আইনবোৰ প্ৰযোজ্য নহ’ব। এই আইনসমূহৰ বিষয়ে আলোচনা কৰিবলৈ শীৰ্ষ আদালতেএখন সমিতি গঠন কৰি দিয়ে। আদালতে হৰসিমৰত মান, কৃষি অৰ্থনীতিবিদ অশোক গুলাটী, ডা০ প্ৰমোদ কুমাৰ যোশী (ৰাষ্ট্ৰীয় কৃষি গৱেষণা ব্যৱস্থাপনাৰ পূৰ্বৰ নিৰ্দেশক), অনিল ধনৱতক সমিতিৰ সদস্য হিচাপে পৰামৰ্শ দিয়ে।

কৃষক সংগঠন সমূহে সমিতি গঠনৰ ক্ষেত্ৰত বিৰোধ কৰিছিল যদিও শুনানিৰ সময়ত আদালতে কয় যে ইয়াৰ বাবে এক অন্তৰ্কালীন আদেশ দিব। শুনানিৰ সময়ত, কৃষকৰ অধিবক্তা শর্মাই কয় যে- ‘কৃষক সংগঠনবোৰ উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ বিৰোধিতা কৰে । আদালতে কয় যে,যদি কৃষক সকলে চৰকাৰৰ সৈতে আলোচনা কৰিব পাৰে তেন্তে সমিতিৰ সৈতে কিয় নহয়? যদি তেওঁলোকে সমস্যাটো সমাধান কৰিব বিচাৰে, তেন্তে আমি শুনিব নিবিচাৰোঁ যে কৃষক সকলে সমিতিৰ সন্মুখত উপস্থিত নহ’ব।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি