পূজা সমিতিক ২৮ কোটি অনুদান আগবঢ়োৱাক লৈ মমতা চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

পূজা সমিতিক ২৮ কোটি অনুদান আগবঢ়োৱাক লৈ মমতা চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

ডিজিটেল ডেস্কঃ মমতা বেনাৰ্জীৰ চৰকাৰে দুৰ্গা পূজা সমিতি সমূহক মুঠ ২৮ কোটি সাহায্য আগবঢ়োৱাৰ বাবে লোৱা সিদ্ধান্তক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে৷ ধৰ্মীয় কাৰ্যসূচীৰ বাবে চৰকাৰৰ উন্নয়ন পুঁজিৰ ধন কিদৰে ব্যৱহাৰ কৰা হ'ব সেই সন্দৰ্ভত পশ্চিমবংগ চৰকাৰখনৰ পৰা ৬ সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে৷

আনহাতে, ন্যায়ালয়ে পূজা সমিতিসমূহক অনুদান আগবঢ়োৱাৰ সিদ্ধান্তৰ ক্ষেত্ৰত হস্তক্ষেপ নকৰে বুলিও মন্তব্য কৰি এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ওপৰত ভিত্তি কৰি জাৰী কৰা উক্ত নিৰ্দেশনাটোত কোৱা হৈছে যে কি প্ৰয়োজনত পূজা সমিতিসমূহক এই অনুদান আগবঢ়াবলগা হ'ল সেই কথা যুক্তি সহকাৰে ন্যায়ালয়ক অৱগত কৰিব লাগিব৷

উল্লেখ্য যে, পশ্চিম বংগৰ মমতা বেনাৰ্জী চৰকাৰে ৰাজ্যখনৰ ২৮ হাজাৰ পূজা মণ্ডপত ১০ হাজাৰকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ ইয়াৰ পিছতে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি ৰাজহুৱা স্বাৰ্থজড়িত কাৰণত অধিবক্তা সৌৰভ দত্তই কলকাতা উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰি ৰাজ্য চৰকাৰৰ সিদ্ধান্তত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায়৷

অধিবক্তা দত্তৰ আবেদনৰ ভিত্তিত কলকাতা উচ্চ ন্যায়ালয়ে বুধবাৰে শুনানি গ্ৰহণ কৰি কয় যে ধন খৰচৰ বাবে লোৱা সিদ্ধান্ত বিধায়িকাই লয় আৰু এই সন্দৰ্ভত আদালতে হস্তক্ষেপ নকৰে৷

উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰি অধিবক্তা সৌৰভ দত্তই উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি এখন আবেদন দাখিল কৰে৷ ইয়াৰ পিছতে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এছ কে কৌল আৰু ন্যায়াধীশ কে এম যোচেফৰ বিচাৰপীঠে ৰাজ্য চৰকাৰলৈ এক জাননী প্ৰেৰণ কৰি ৬ সপ্তাহৰ ভিতৰত উত্তৰ প্ৰদানৰ নিৰ্দেশ দিয়ে৷

উল্লেখ্য যে, অধিবক্তা সৌৰভ দত্তৰ মতে দুৰ্গা পূজা সমিতিক অনুদান দিয়াৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত আইনৰ স্থাপিত পৰম্পৰাৰ বিৰুদ্ধাচৰণ কৰা হৈছে আৰু ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে উচিত ব্যৱস্থা উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব লাগে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in