বিদেশী পুজিৰে দেশদ্ৰোহী কাৰ্যসূচী! উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ বাসগৃহ আৰু এন জি অ’ৰ কাৰ্যালয়ত চিবিআইৰ তালাচী

বিদেশী পুজিৰে দেশদ্ৰোহী কাৰ্যসূচী! উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ বাসগৃহ আৰু এন জি অ’ৰ কাৰ্যালয়ত চিবিআইৰ তালাচী

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙ আৰু স্বামী আনন্দ গ্ৰোভাৰৰ বাসগৃহ আৰু কাৰ্যালয়ত বৃহস্পতিবাৰে তালাচী চলায় চি বি আইয়ে। অধিবক্তাগৰাকীৰ বে-চৰকাৰী সংস্থা (এন জি অ')ৰ বাবে বিদেশৰ পৰা অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগত চি বি আইয়ে এনেদৰে তালাচী চলায়।

কোন ঠাইত অভিযান চলাইছে সেই সম্পৰ্কে চি বি আইয়ে সকলো কথা সদৰি নকৰিলেও এন জি অ' লয়াৰ্ছ কালেকটিভৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত তালাচী চলোৱা বুলি জানিবলৈ পোৱা গৈছে। বিদেশী ধন লাভৰ ক্ষেত্ৰত আইন অমান্য কৰাৰ অভিযোগ উত্থাপিত হৈছে এন জি অ' টোৰ বিৰুদ্ধে।

ইতিমধ্য সেই এন জি অ'ৰ সৈতে জড়িত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙৰ স্বামী আনন্দ গ্ৰোভাৰক আটক কৰিছে চি বি আইয়ে। গৃহ মন্ত্ৰালয়ৰ অভিযোগৰ ভিত্তিত এই অভিযান চলায় চিবিআইয়ে। উল্লেখ্য যে, জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙ কংগ্ৰেছৰ ঘনিষ্ট ৰূপে পৰিচিত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in