মৃত্যুদণ্ডৰে দণ্ডিত আচামীৰ ওচৰত ভুল স্বীকাৰ উচ্চতম ন্যায়ালয়ৰ, কৰিলে শাস্তি হ্ৰাস

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ মৃত্যুদণ্ডৰ ৰায় প্ৰদানৰ ৮ বছৰত পিছত ৰায় প্ৰদানত হোৱা ভুল স্বীকাৰ কৰিলে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে। মৃত্যুদণ্ডৰে দণ্ডিত এজন আচামীৰ শাস্তি হ্ৰাস কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহে উচ্চতম ন্যায়ালয়ে। তাৰ কাৰণ স্বৰুপে কেৱল চৌপাশৰ প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰিয়েই কাকো মৃত্যুদণ্ড প্ৰদান কৰিব নোৱাৰি বুলি মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে, এটি ১০ মহীয়া শিশুসহ ৪ সন্তান আৰু পত্নীক হত্যা কৰাৰ অপৰাধত ২০১১ চনত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল মহাৰাষ্ট্ৰৰ নানদেদ জিলাৰ এজন লোকক। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি ব্যক্তিজনক দোষী সাব্যস্ত কৰি প্ৰথমে মৃত্যুদণ্ডৰ ৰায় দিছিল বোম্বে উচ্চ ন্যায়ালয়ে। তাৰ পিছত ব্যক্তিজনে উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে।

কিন্তু উচ্চতম ন্যায়ালয়েও লোকজনক দোষী সাব্যস্ত কৰি বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰাখে। কিন্তু উচ্চতম ন্যায়ালৰ এই ৰায়দানৰ ৮ বছৰৰ পিছত বিচাৰৰ ভুল স্বীকাৰ কৰে ন্যায়ালয়ে। অপৰাধী ব্যক্তিজনৰ বিৰুদ্ধে চৌপাশৰ প্ৰমাণ আৰু সাক্ষ্য থাকিলেও কোনো প্ৰত্যক্ষ প্ৰমাণ লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত কেৱল অনুমানৰ ভিত্তিতেই কোনো অপৰাধীক মৃত্যুদণ্ড প্ৰদান কৰিব নাযায় বুলি জনায় শীৰ্ষ আদালতে। যাৰ বাবে অপৰাধী ব্যক্তিজনৰ শাস্তি হ্ৰাস কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহে ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ এই নতুন ৰায় প্ৰদান কৰে ন্যায়াধীশ এন ভি ৰমণ, এম এম শান্তানাগাৱদাৰ আৰু ইন্দিৰা বেনাৰ্জীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in