চিবিআইৰ অন্তৱৰ্তী সঞ্চালক নাগেশ্বৰ ৰাওৰ নিযুক্তিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি

চিবিআইৰ অন্তৱৰ্তী সঞ্চালক নাগেশ্বৰ ৰাওৰ নিযুক্তিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি

ডিজিটেল ডেস্কঃ চিবিআই অন্তৱৰ্তী সঞ্চালক হিচাপে এম নাগেশ্বৰ ৰাওক কেন্দ্ৰীয় চৰকাৰে নিযুক্তি প্ৰদান কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখন স্বীকাৰ কৰি উচ্চতম ন্যায়ালয়ে এই আবেদনৰ শুনানিত সন্মতি প্ৰদান কৰিছে৷ অহা সপ্তাহত এই আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে উচ্চতম ন্যায়ালয়ে৷

জানিব পৰা মতে, যোৱা ১০ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰে এম নাগেৰশ্বৰ ৰাওক চিবিআইৰ অন্তৱৰ্তী সঞ্চালক হিচাপে দায়িত্ব প্ৰদান কৰাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এটা স্বেচ্ছাসেৱী সংগঠনে ন্যায়ালয়ত আবেদন দাখিল কৰিছিল৷

বুধবাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাৰ বিচাৰ পীঠত এই ঘটনা তৎকালীনভাৱে সূচীবদ্ধ কৰিবলৈ অনুৰোধ জনায় আবেদনকাৰীয়ে৷ আবেদনকাৰী এন জি অ'টোৰ হৈ অধিবক্তা প্ৰশান্ত ভূষণে ন্যায়াধীশৰ বিচাৰপীঠক এই আবেদনৰ শুনানি অহা শুকুৰবাৰে কৰিবলৈ অনুৰোধ জনায়৷ ন্যায়াধীশৰ বিচৰপীঠত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ লগতে উপস্থিত আছিল ন্যায়াধীশ এল এন ৰাও আৰু এছ কে কৌল৷

কিন্তু অহা শুকুৰবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰাটো সম্ভৱ নহয় বুলি মন্তব্য কৰি আবেদনখনৰ শুনানি অহা সপ্তাহত কৰা হ'ব বুলি জানিবলৈ দিয়ে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in