তিতাবৰ সংখ্যালঘু মৰ্চাৰ বিজেপিৰ প্ৰাৰ্থী হেমন্ত কলিতালৈ সমৰ্থন…

তিতাবৰ সংখ্যালঘু মৰ্চাৰ বিজেপিৰ প্ৰাৰ্থী হেমন্ত কলিতালৈ সমৰ্থন…

ডিজিটেল সংবাদ, বোকাজানঃ ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে তিতাবৰ সমষ্টিৰ নিৰ্বাচনী ৰাজনৈতিক দৃশ্যপট । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'সব কা স্বাথ সব কা বিকাশ"ৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ তিতাবৰ মহকুমাৰ সংখ্যালঘু লোক সকলে এইবাৰ মুকলি কৈ সমৰ্থন আগবঢ়াইছে বিজেপি তথা অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত কলিতাক ।

দেওবাৰে তিতাবৰ নিৰ্বাচনী কাৰ্যালয়ৰ জোনাক ভৱনত তিতাবৰ বিজেপি সংখ্যালঘু মৰ্চাৰ উদ্যোগত আয়োজিত এক বিশেষ সভাত তিতাবৰৰ প্ৰায় পাঁচশ সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধিয়ে বিজেপিৰ প্ৰাৰ্থী হেমন্ত কলিতাৰ সৈতে এক বৈঠকত মিলিত হয় । তিতাবৰৰ প্ৰভাৰী ৰিজ আহমেদে আঁত ধৰা সভাত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সম্পাদক মুস্তাকুদ্দিন আহমেদ আৰু জিলা সংখ্যালঘু বৰ্ডৰ সভাপতি পাৰভেজ মেহদি উপস্থিত থাকে ।

সভাত তিতাবৰৰ নেতা নবাব মুস্তাফাই কয় যে তিতাবৰৰ সংখ্যালঘু সম্প্ৰদায়ে বৰ্তমান তিতাবৰ বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ হ'ব বিচাৰে । তিতাবৰত প্ৰায় ১৪ হাজাৰ ইছলাম ধৰ্মী লোকৰ ভোটাৰ আছে । এই সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজে বৰ্তমান চৰকাৰে 'সব কা স্বাথ সব কা বিকাশ' ৰ নীতি বিশ্বাস কৰি সংখ্যালঘু ৰাইজৰ উন্নয়ন আৰু মৌলিক সমস্যা সমাধানৰ স্বাৰ্থত এইবাৰ বিজেপিৰ মিত্ৰজোঁটৰ সৈতে অংশীদাৰ হ'ব ।

সেয়ে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত কলিতালৈ মুকলি সমৰ্থন আগবঢ়াইছে । কিয়নো হেমন্ত কলিতাৰ সৈতে তিতাবৰৰ সংখ্যালঘু ৰাইজৰ পুৰণি সুসম্পৰ্ক আছে। ইফালে তিতাবৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হেমন্ত কলিতাই সংখ্যালঘু ৰাইজৰ এনে সঁহাৰি উৎফুল্লিত হৈ কয় , ''তিতাবৰ মোৰ বাবে সমষ্টি নহয় , তিতাবৰ মোৰ কৰ্ম ভূমি। তিতাবৰ সকলো জনগোষ্ঠী ভাষা- ভাষী আৰু ধৰ্মালম্বী লোকৰ চৰণৰ ধূলি শিৰত লৈ আত্মনিৰ্ভৰ তিতাবৰ গঢ়িব খোজো । তিতাবৰৰ সংখ্যালঘু সমাজো এই বিকাশৰ যাত্ৰাৰ অংশীদাৰ ।'' সভাখনত সংখ্যালঘু মৰ্চাৰ আব্দুল আল মুমিন, সিজন তিৰু, ৰিফিয়াৰা বেগম, মাইনুদ্দিন আহমেদ, চাবিকুৰ ৰহমান, নজিব আহমেদ প্ৰমুখ্য নেতৃবৃন্দই অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in