বিজ্ঞানক চেলেঞ্জ কবিৰাজৰ! এগৰাকী যুৱতীৰ সৈতে কৰিলে কি কাণ্ড, চাওঁক VIDEO

বিজ্ঞানক চেলেঞ্জ কবিৰাজৰ! এগৰাকী যুৱতীৰ সৈতে কৰিলে কি কাণ্ড, চাওঁক VIDEO

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বিজ্ঞানৰ চমকপ্ৰদ আৱিস্কাৰৰ পিছতো অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হ'ব পৰা নাই একাংশ লোক৷ বহুত গাঁৱত এতিয়াও চলি আছে অন্ধবিশ্বাস৷ তেনে এক ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নয়াগাঁও তৃতীয় খণ্ডত৷ কেৱল অন্ধবিশ্বাসৰ বাবেই সৰ্পদংশনত মৃত্যু হোৱা এগৰাকী গাভৰুৰ মৃতদেহত মৃত্যু হোৱা পোন্ধৰ ঘন্টাৰ পিছতো অব্যাহত আছে বেজৰ জৰা-ফুকা৷ কেৱল জৰা-ফুকাই নহয়, এজন বেজে মৃতদেহটোত সোধাইছে কোব।

ঘটনাৰ বিৱৰণী মতে নয়াগাঁও তৃতীয় খণ্ডৰ বিমল ৰায়ৰ জেষ্ঠ্য কন্যা ২০ বছৰীয়া অলকা ৰায়ক বৃহস্পতিবাৰে সন্ধিয়া নিজ গৃহৰ বাৰান্দাতে দংশন কৰিছিল বিষাক্ত সাপে৷ তাৰ পিছতে বেজ আনি জৰা-ফুকা কৰিছিল পৰিয়ালৰ লোকে। ইয়াৰ পিছত একাংশ লোকৰ পৰামৰ্শত বহু পলমকৈ বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে অলকা ৰায়ক।

চিকিৎসালয়ৰ পৰা আনি পুনৰ গোটেই নিশা মৃতদেহটো জৰা-ফুকা কৰে একাংশ বেজ তথা কবিৰাজে৷ বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত মৃত্যু হোৱা যুৱতীগৰাকীৰ মৃতদেহত শুকুৰবাৰে দিনৰ ১ বজালৈ জৰা-ফুকা কৰি আছে একাংশ বেজ তথা কবিৰাজে৷ সকলোৰে আশা জী উঠিব মৃত যুৱতীগৰাকী৷ এককথাত বিজ্ঞানকো যেন প্ৰত্যাহ্বান এইসকল বেজ-কবিৰাজৰ।

স্বাভাৱিকতে এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে শৈক্ষিক মহলত৷ আনহাতে যদি জীয়াই তুলিব নোৱাৰে তেন্তে লখিন্দাৰৰ-বেউলাৰ কাহিনীৰ দৰেই মৃতদেহটো পৰিয়ালৰ লোকে উটুৱাই দিব ব্ৰহ্মপুত্ৰত৷ ইয়াৰ বাবে সাজু কৰিছে কলগছৰ ভূৰ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in