শেহতীয়া খবৰ
অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক'লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO  •  কৰুণ ঘটনা! বজ্ৰপাতৰ ফলত নিহত ৮ শিশু, আহত ৯...  •  সাংসদ আজাম খানৰ বিৰুদ্ধে ৰুজু ২৩টাকৈ গোচৰ...  •  ১০ গঁড়কে ধৰি কাজিৰঙাত এতিয়ালৈকে বানত মৃত্যু হৈছে শতাধিক বন্যপ্ৰাণীৰ  •  এফ চি আইৰ টংলা খাদ্য ভাণ্ডাৰত ঠিকাদাৰ-শ্ৰমিকৰ মাজত সংঘাত, শ্ৰমিকৰ বিক্ষোভত কেইবা ঘন্টাও অচল কাম-কাজ...  •  গুৱাহাটীত ৰাজভৱনৰ বাহনৰ খুন্দাত আহত পথচাৰীৰ জি এম চি এইছত মৃত্যু...  •  বানত ককবকাইছে ৰাজ্যৰ বহু প্ৰান্তৰ হাজাৰ হাজাৰ লোকে, সাহাৰ্য সামগ্ৰী বিতৰণ সমাজকৰ্মী, বে-চৰকাৰী সংস্থাৰ  •  ভয়ংকৰ পৰিৱেশ! বানপানীৰ মাজতে কৰিলে বিদ্যুৎ সংযোগ, জুইত জাহ গ'ল এখন ঘৰ...  •  হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তঃ বানে ক্ষতি কৰা কাঁইটীয়া তাঁৰৰ বেৰ, বি এছ এফ কেম্প পৰিদৰ্শন  •  তেজৰ কৰ্কট ৰোগত আক্ৰান্ত ৰহাৰ এটি ৪ বছৰীয়া কণমানি, পৰিয়ালৰ সহায়ৰ আহ্বান, VIDEO

ব্ৰেইন টিউমাৰেৰে যুঁজ দিছে ‘ছুপাৰ ৩০’ৰ আনন্দ কুমাৰে… VIDEO

394

ডিজিটেল ডেস্কঃ ‘ছুপাৰ ৩০’ৰ সংস্থাপক তথা বিশিষ্ট শিক্ষক আনন্দ কুমাৰৰ সন্দৰ্ভত এক আচৰ্যজনক খবৰ পোহৰলৈ আহিছে। আনন্দ কুমাৰে এটা ভিডিঅ’ত কয় যে তেওঁ মৃত্যুৰ সৈতে যুঁজ দি আছে। তেওঁৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত দিয়াৰ পাছৰে পৰা ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে, অভিনেতা হৃতিক ৰোশ্বনৰ নতুন ছবি ‘ছুপাৰ ৩০’ বিহাৰৰ আনন্দ কুমাৰৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। তেওঁ প্ৰায় ৩০গৰাকী শিক্ষাৰ্থীক বিনামূল্যে আই আই টিৰ বাবে সাজু কৰিছিল। আৰু সেয়েহে এই ছবিখনৰ নামো ‘ছুপাৰ ৩০’ ৰখা হয়।

এই ছবিখনৰ দ্বাৰা এই সু-প্ৰতিষ্ঠিত শিক্ষকগৰাকীৰ জীৱনৰ বিষয়ে অধিক জানিব পৰা যাব। সংবাদমাধ্যমক দিয়া এক সাক্ষাৎকাৰত আনন্দ কুমাৰে জনায় যে, তেওঁৰ ব্ৰেইন টিউমাৰৰ সৈতে যুঁজ দি আছে। তেওঁ লগতে জনাই যে, প্ৰথমে তেওঁৰ শুনাত অসুবিধা হৈছিল। তাৰপাছত তেওঁক চিকিৎসালয়ত ই এন টি চিকিৎসা প্ৰদান কৰা হয় যদিও, কোনো ধৰণৰ সুফল লাভ নকৰে কুমাৰে।

২০১৪চনত দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁক চিকিৎসকে জনায় ব্ৰেইন টিউমাৰ হোৱা কথা। তেওঁ আৰু কয় যে, এই টিউমাৰৰ প্ৰভাৱ শৰীৰৰ বাকীবোৰ অংগটো পৰিব পাৰে। ‘ছুপাৰ ৩০’ ছবিখনৰ সন্দৰ্ভত আনন্দ কুমাৰে কয়- ‘মই জীৱিত কালতে মোৰ বায়’পিকত জীৱন সংগ্ৰামৰ যাত্ৰা মই চাবলৈ পাম।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি