শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

ৰজাৰ পুত্ৰ ৰজা নহ’বও পাৰে, যাৰ দক্ষতা আছে তেওহে ৰজা হ’ব: চুপাৰ ৩০…VIDEO

311

ডিজিটেল ডেস্কঃ‘ৰজাৰ পুত্ৰ ৰজা নহ’বও পাৰে, ৰজা সেইজনহে হ’ব যাৰ দক্ষতা-যোগ্যতা আছে’ এয়া আহিব লগীয়া হিন্দী ছবি চুপাৰ ৩০ ৰ এটা সংলাপ। যোৱা মঙলবাৰে মুক্তি পালে চুপাৰ ৩০ ট্ৰেইলাৰ। বিকাশ বহলৰ পৰিচালনাৰে ঋতিক ৰোচনৰ দমদাৰ অভিনয়ে ছবিখনক যে এক অনন্য মাত্ৰা দিব সেয়া ট্ৰেইলাৰ চালেই ধাৰণা কৰিব পাৰি। বিহাৰৰ গণিতজ্ঞ আনন্দ কুমাৰৰ জীৱনৰ ঘাট-প্ৰতিঘাটক লৈ নিৰ্মাণ কৰা ছবিখনত ঋতিকে অতি নিপুণভাৱে ৰূপায়ন কৰিছে কুমাৰৰ চৰিত্ৰ।

মঙলবাৰে ছবিখনৰ ট্ৰেইলাৰ উপভোগ কৰে আনন্দ কুমাৰ আৰু পৰিয়ালে। ২.৩৭ মিনিটৰ ট্ৰেইলাৰটোত আনন্দ কুমাৰৰ সৃষ্টিশীল মন, আৰু জীৱনটোক অতি সুন্দৰ ৰূপত ফুটাই তুলিছে পৰিচালকে। ট্ৰেইলাৰ উপভোগ কৰি আনন্দ কুমাৰৰ পৰিয়ালৰ সকলোৰে দুচকু সেমেকি উঠিল।

চলিত বৰ্ষৰ ২৬ জুলাইত মুক্তি পাব চুপাৰ ৩০। কেইবাজনো সংগীত পৰিচালকে ছবিখনৰ সংগীত সজাইছে। পৰিচালকৰ দায়িত্বত বিকাশ বহলৰ লগতে আছে অনুৰাগ কাশ্যপ। ছবিখনত পংকজ ত্ৰিপাথীৰ দৰে অভিজ্ঞ অভিনেতাইয়ো কৰিছে অভিনয়

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি