বৰবিহৰ খেতিয়ে ছানি ধৰিছে সোণতলীৰ চৰাঞ্চল, প্ৰশাসনে ভাং খেতি ধ্বংস নকৰাত উদ্বিগ্ন ৰাইজ, VIDEO

বৰবিহৰ খেতিয়ে ছানি ধৰিছে সোণতলীৰ চৰাঞ্চল, প্ৰশাসনে ভাং খেতি ধ্বংস নকৰাত উদ্বিগ্ন ৰাইজ, VIDEO

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত চৰাঞ্চলত সম্প্ৰতি বৰবিহ স্বৰূপ নিষিদ্ধ ভাংখেতিয়ে ছানি ধৰাত সচেতন মহলৰ উপৰি স্থানীয় ছাত্ৰ সমাজে উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ জানিব পৰামতে বকো বিধানসভা সমষ্টিৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত লটুৰাদিয়া এন চি গাঁৱৰ একাংশ দুষ্টচক্ৰৰ লোকে সাধাৰণ খেতিয়কৰ দৰে খেতি কৰাৰ বিপৰীতে কম কষ্টত অধিক উপাৰ্জনৰ লক্ষ্যৰে বৰবিহৰূপী ভাং (গাঞ্জা) খেতি আৰম্ভ কৰিছে৷ ফলত গ্ৰামাঞ্চল তথা চৰাঞ্চলত তুলনামূলকভাৱে বৃদ্ধি পাইছে অবৈধ জুৱা, মদৰ আড্ডাৰ লগতে গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায়৷ এনেবোৰ অনৈতিক কাৰ্য চলি থকাৰ বাবে অঞ্চলটোৰ শৈক্ষিক-সামাজিক পৰিবেশ দূষিত হ'বলৈ ধৰা বুলি সচেতন মহলে অভিযোগ উত্থাপন কৰিছে৷

অভিযোগমতে সংখ্যালঘু বসতিপ্ৰধান সোণতলীৰ লটুৰাদিয়া এন চি গাঁৱৰ একাংশ দুষ্টচক্ৰৰ লোকে উন্মুক্তভাৱে বৰবিহৰ খেতি আৰম্ভ কৰাত আৰু প্ৰশাসন তথা আবকাৰী বিভাগে ভাংখেতিবোৰ ধ্বংস নকৰাত ৰাইজ শংকিত হৈ পৰিছে৷ উল্লেখ্য যে কিছু বছৰ পূৰ্বে দুৰ্গম চৰাঞ্চলৰ একাংশ লোকে প্ৰশাসনৰ ভয়ত উন্মুক্ত ঠাইৰ বিপৰীতে নিজ নিজ ঘৰৰ চোতালতে ভাংখেতি আৰম্ভ কৰিছিল৷ আনকি গাঁজাপুলিত সাৰ-পানী দি ইয়াক সুৰক্ষা দিয়াৰ কামত নিয়োজিত হৈছিল খোদ পৰিয়ালৰ সদস্যসকল৷ কিন্তু দিন বাগৰাৰ লগে লগে খেতিৰ কৌশল সলনি কৰি এতিয়া পথাৰত নতুবা নিজ ঘৰৰ খালী ঠাইত মুকলি-মূৰিয়াকৈ আৰম্ভ কৰিছে এইবিধ বৰবিহৰ খেতি৷

ইপিনে ভাংখেতিৰ সুৰক্ষা তথা চোৱা-চিতা কৰিছে পৰিয়ালৰ লোকেই৷ সামান্য কষ্ট কৰি অধিক মুনাফা উপাৰ্জনৰ লক্ষ্যৰে অঞ্চলটোৰ একাংশ লোকে বাছি লৈছে বৰবিহৰ খেতি৷ আনহাতে চৰাঞ্চলৰ ভাংখেতি সম্প্ৰতি পূৰ্ণাংগ ৰূপ লোৱা অৰ্থাৎ শস্য চপোৱাৰ সময় অহা বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য যে বিগত দুবছৰ পূৰ্বে কামৰূপ জিলা প্ৰশাসন আৰু জিলা আবকাৰী বিভাগে অভিযান চলাই বকো, ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বৰঘোল চুতাৰুপাৰা, কাণহাৰা, জোৰশিমুলী, পুৰাণকুঁছিয়া, চাম্পুপাৰা, মাজৰটোপ, আলিকাষ অঞ্চলৰ অবৈধ ভাংখেতি ধ্বংস কৰাত সমগ্ৰ অঞ্চলবাসী সন্তুুষ্টি প্ৰকাশ কৰিছিল৷ পুনৰ চৰাঞ্চলত ভাংখেতিয়ে ছানি ধৰাত ৰাইজে শংকিত হৈছে৷

আনহাতে সমাজক ধ্বংসৰ পিনে ঠেলি দি সামান্য কষ্টতে অধিক মুনাফা লাভৰ উদ্দেশ্য বাছি লোৱা একাংশ দুষ্টচক্ৰৰ লোকে প্ৰশাসনৰ চকুত ধূলি দি উৎপাদিত বৰবিহ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰে৷ সম্প্ৰতি এই বৰবিহৰ প্ৰতি গ্ৰামাঞ্চলৰ একাংশ লোকো আকৃষ্ট হোৱাও পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে সোণতলীৰ লটুৰাদিয়া এন চি অঞ্চলত মুকলিকৈ অবৈধ ভাংখেতি বৃদ্ধি পোৱা সন্দৰ্ভত স্থানীয় চৰ-চাপৰি যুৱ ঐক্যমঞ্চে ইতিমধ্যে সোণতলী আৰক্ষীক অৱগত কৰাৰ পিচতো বৰবিহৰ খেতি ধ্বংস নকৰাত আশ্চৰ্য প্ৰকাশ কৰিছে৷ সুস্থ সমাজ ব্যৱস্থাক বিপদাপন্ন কৰাৰ লগতে ধ্বংসৰ পিনে ঠেলি দিয়া সোণতলীৰ চৰাঞ্চলৰ পথাৰ তথা বাৰীৰ চুকত সম্প্ৰতি লহপহকৈ গজি উঠা অবৈধ ভাংখেতিবোৰ ধ্বংস কৰিবলৈ ৰাইজে আবকাৰী বিভাগৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in