এদিন জোতা পলিচ কৰা ল’ৰাটো হ’লগৈ ইণ্ডিয়ান আইডলৰ ১১ সংস্কৰণৰ বিজয়ী…

এদিন জোতা পলিচ কৰা ল’ৰাটো হ’লগৈ ইণ্ডিয়ান আইডলৰ ১১ সংস্কৰণৰ বিজয়ী…

ডিজিটেল ডেস্কঃ এনেকৈয়ে সলনি হয় ভাগ্য। বোকাৰ মাজতে ফুলে পদুম ফুল। কিছুদিনৰ আগলৈকে কোনেও ভবা নাছিল এই ল'ৰাজন এদিন মধ্যমণি হ'ব সমগ্ৰ বিশ্বৰ । পথৰ কাষত বহি মুচিৰ কাম কৰিছিল ল'ৰাটোৱে। মাকে বিক্ৰী কৰিছিল বেলুন। সেয়া আছিল মাতৃ-পুত্ৰৰ উপাৰ্জনৰ উৎস।

অত্যন্ত সংগ্ৰামৰ মাজেৰে আগবাঢ়িছিল জীৱন। জোতা পলিচ কৰি থাকোতেই আজৰি পালেই শুনিছিল গান। গান তাৰ প্ৰাণত আছিল। গান গোৱাৰ প্ৰবল ইচ্ছা মনৰ ভিতৰতে সি সামৰি থৈছিল। সংগীতৰ আদিপাঠ ল'বলৈ আৰ্থিকভাৱে সচ্চল নাছিল।

ভাগ্যৰ চকৰী সলনি হৈছিল। সংগীতৰ অ, আ নিশিকা ল'ৰাটোৱে এদিন ইণ্ডিয়ান আইডলৰ অডিশ্যন দিবলৈ আহিছিল। জোতা পলিচ কৰি থাকোতে নুছৰত ফাতেহ আলী খানৰ গান শুনা ল'ৰাটোৱে অডিশ্যনতেই মন জয় কৰিছিল সেই সময়ত বিচাৰক ৰূপে থকা অনু মালিক, বিশ্বাল দাদলানী আৰু নেহা কক্কৰৰ।

https://youtu.be/9m2KxcwUITo

নাম ছানী হিন্দুস্তানী। পঞ্জাৱৰ ঝলন্ধৰত ঘৰ। ইণ্ডিয়ান আইডলৰ ১১ সংস্কৰণত সকলোৰে মন জয় কৰি চূড়ান্ত বিজয়ী সন্মান অৰ্জন কৰিলে এই বিৰল প্ৰতিভাধাৰী ল'ৰাটোৱে। ইণ্ডিয়ান আইডলত বিজয়ী হোৱাৰ সূত্ৰে ২৫ লাখ টকা প্ৰাইজমানী আৰু টি-ছিৰিজৰ এলবামত আৰু এখন ছবিত গান গোৱাৰ সুযোগ লাভ কৰিলে।

এই আত্মবিশ্বাসী ল'ৰাটোৰ কাহিনী শুনিলে বিশ্বাস নহ'ব যে সেই জোতা পলিচ কৰাৰ পৰা ইণ্ডিয়ান আইডলৰ মঞ্চলৈকে কিমান সংগ্ৰাম কৰিছিল ছানী হিন্দুস্তানীয়ে। সৰু হৈ থাকোতেই ছানীৰ পিতৃৰ মৃত্যু হৈছিল। তাৰপাছত মাকে অতি কষ্টৰ মাজেৰে তাক তুলি তালি ডাঙৰ কৰিছিল। দৰিদ্ৰতাৰ বাবেই বিদ্যালয়লৈ যোৱা নাছিল ছানী। এৰি দিছিল শিক্ষা আধাতেই। যেতিয়া ঘৰ নচলা হৈছিল জোতা পলিচ কৰাৰ বাদে আন বিকল্প নাছিল ছানীৰ সন্মুখত।

ছানীৰ দেউতাকেও গাইছিল গান। ছানীৰ প্ৰিয় গায়ক নুছৰত ফাতেহ আলী খান। ইণ্ডিয়ান আইডলত নুছৰত ফাতেহ আলী খানৰে এটা গান গাইছিল। তেওঁৰ বিখ্যাত আফৰিন আফৰিন' শীৰ্ষক গীতটি গাইছিল অডিশ্যনত। যি গীতে সলনি কৰি দিলে ছানীৰ জীৱন।

ছানীক জনপ্ৰিয় কৰাত অৰিহণা আছে এটা টুইটৰ। আনন্দ মহিন্দ্ৰাই টুইট কৰিছিল ছানীৰ গীত। এইগৰাকী ব্যৱসায়ীৰ বিশেষ ভূমিকা আছে ছানীক জনপ্ৰিয় কৰাত। ছানীৰ গীতৰ গুণমুগ্ধ শ্ৰোতাৰ ভিতৰত আছে আনন্দ মহিন্দ্ৰও।

তেওঁ ছানীৰ অডিশ্যনৰ ভিডিঅ'টো টুইটাৰত শ্বেয়াৰ কৰি লিখিছিল- 'মোৰ বন্ধুৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰিছিল। আৰু এইটো দেখাৰ পাছত মই মোৰ চকুপানী ৰখাব নোৱাৰিলো।' আনন্দ মহিন্দ্ৰৰ এই টুইটটোৰ পাছতেই নিশাৰ ভিতৰতে জনপ্ৰিয় হৈ গৈছিল ছানী হিন্দুস্তানী।

ইণ্ডিয়ান আইডলৰ মঞ্চত প্রথমদিনৰ পৰাই বিচাৰকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল তেওঁ। বিশাল দাদলানীয়ে ছানীৰ তুলনা নুছৰত ফাতেহ আলী খানৰ সৈতে কৰিছিল। আৰু তেওঁৰ গীত শুনি ১০০ টকা পুৰস্কাৰ ৰূপে দিছিল।

ছানীয়ে সেই অভিজ্ঞতাৰ বিষয়ে ক'লে- ইণ্ডিয়ান আইডলত অডিশ্যন দিবলৈ যাওঁতে তেওঁ যথেষ্ট ভয় খাইছিল, নাৰ্ভাছ হৈছিল। কিন্তু বিচাৰক তথা আন সকলৰ দিহা-পৰামৰ্শ, উৎসাহে তেওঁক ইমানখিনি আগুৱাই নিলে।

ইণ্ডিয়ান আইডলত থাকোতেই ছানীয়ে কংগনা ৰানাৱটৰ ছবি 'পংগা'ৰ বাবে গীত গাইছিল। শংকৰ মহাদেৱনৰ সৈতেও গীত গোৱাৰ সুযোগ পালে ছানীয়ে। এই সফলতাৰ পাছত ছানীয়ে ক'লে- 'ইয়াৰ সম্পূৰ্ণ কৃতিত্ব মোৰ মা।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in