শেহতীয়া খবৰ
সাৱধান! নিজামুদ্দিন মাৰ্কাজলৈ গৈ লুকাই আছে নেকি, শেষ সময়সীমা বান্ধি দিলে চৰকাৰে, ৰুজু হ'ব গোচৰ...  •  কাছাৰৰ কোৰোনাত আক্ৰান্ত চজিবুৰৰ সৈতে সম্পৰ্ক থকা ৩ জনক কোৱাৰেন্টাইনলৈ প্ৰেৰণ, নিজামুদ্দিনলৈ যোৱা কাছাৰৰ ১২ জনৰ ৬জনক চিনাক্ত  •  টিহুত উৰাবাতৰি! হাতে হাতে যাঠি-জোং লৈ পথাৰে পথাৰে গঞা, গ্ৰেপ্তাৰ ৩ জন  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু

এছিয়ান ৰেষ্টলিং চেম্পিয়নশ্বিপত ভাৰতৰ সুনীল কুমাৰৰ অভিলেখ…

166

ডিজিটেল ডেস্কঃ ভাৰতত প্ৰথমবাৰৰ বাবে ৮৭ কিলোৰ শাখাত সুনীল কুমাৰে লাভ কৰিবলৈ সক্ষম হৈছে এছিয়ান ৰেষ্টলিং চেম্পিয়নশ্বিপৰ গ্ৰেক’ ৰোমানৰ স্বৰ্ণ পদক। কিৰ্গিস্তানৰ আজাট চালিদিন’ভক ৫-০ৰ ব্যৱধানত হৰুৱাই ৮৭ কিলো শাখাত বিগত ২৭ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে স্বৰ্ণ জয় কৰিবলৈ সক্ষম হোৱা খেলুৱৈ ৰূপে বিৱেচিত হৈছে সুনীল কুমাৰ। তেওঁৰ পূৰ্বে ১৯৯৩ চনত পাপ্পু যাদৱে ৪৮ কিলোৰ শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল।

১২-৮ ব্যৱধানত জয়ী হৈ সুনীলে চূড়ান্ত খেলত প্ৰৱেশ কৰিছিল। তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে, ‘ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক জয় কৰি মই আজি সুখী। মই বহু কষ্ট কৰিছিলো। যোৱাবছৰ মোৰ যি প্ৰদৰ্শন আছিল তাতকৈ উন্নত কৰিবলৈ মই সক্ষম হৈছো।’ উল্লেখ্য যে, সুনীলৰ পূৰ্বে অৰ্জুন হালাকুৰ্কীয়ে ৫৫ কিলোৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি