ছানী লিয়’নিৰ সৈতে সুনীল গ্ৰোভাৰ, টিভিত নহয়, কিন্তু ক’ত?

ছানী লিয়’নিৰ সৈতে সুনীল গ্ৰোভাৰ, টিভিত নহয়, কিন্তু ক’ত?

ডিজিটেল ডেস্কঃ সুনীল গ্ৰোভাৰক আপুনি জানেনে? যদি নাজানে তেন্তে নিশ্চয় আপুনি ছ'নী টিভিত সম্প্ৰচাৰিত হোৱা 'দ্য কপিল শৰ্মা শ্ব'ৰ ডাক্তৰ 'মচুৰ গুলাটি'ক মনত পেলাব নিশ্চয় পাৰিব। যদি সেয়াও সম্ভৱ হোৱা নাই তেন্তে 'ৰিংকু ভাবী'ৰ 'মে তোহ বৰবাদ হো গয়া…' ডায়ল'গ আৰু এক্সপ্ৰেছনেৰে দৰ্শকৰ পেটৰ নাৰী ডাল ডাল কৰা এইজন কমেডিয়ানক নিশ্চয় আপুনি পাহৰিব নোৱাৰে। পিছে আজি আমি এই কমেডিয়ানগৰাকীৰ অভিনয় অথৱা কমেডীৰ বিষয়ে ক'ব বিচৰা নাই, আমি আপোনাক পৰিচয় কৰাই দিব বিচাৰিছো সুনীল গ্ৰোভাৰৰ অন্য এক ৰূপৰ সৈতেহে।

মচুৰ গুলাটি আৰু ৰিংকু ভাবীৰ চৰিত্ৰত সুনীল গ্ৰোভাৰ
মচুৰ গুলাটি আৰু ৰিংকু ভাবীৰ চৰিত্ৰত সুনীল গ্ৰোভাৰ

অহা ২৯ মাৰ্চৰ পৰা পৰা অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ইউ চি নিউজ ডিজিটেলৰ বাবে এজন ধাৰাভাষ্যকাৰ হিচাপে দেখা যাব সুনীল গ্ৰোভাৰক। সুনীল গ্ৰোভাৰে টুইটাৰত এক ভিডিঅ' পোষ্ট কৰি এই সন্দৰ্ভত নিজেই মন্তব্য কৰিছে। তেওঁ জনোৱা মতে ১৩ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া কলকাতা নাইট ৰাইডাৰ্ছ আৰু কিংগছ এলেভেন পঞ্জাৱৰ মাজৰ খেলখনৰ ধাৰাভাষ্যকাৰ হিচাপে দেখা যাব সুনীল গ্ৰোভাৰক।

আনহাতে সুনীলে স্পষ্টভাৱে নাম প্ৰকাশ কৰা নাই যদিও তেওঁ 'বেবী ড'ল' আৰু 'লেইলা'ই তেওঁক সংগ দিব বুলি কৰা মন্তব্যলৈ চাই অভিনেত্ৰী ছানী লিয়'নিয়ে তেওঁৰ সতে একেলগে ধাৰাভাষ্যকাৰ হিচাপে অংশ ল'ব বুলিও সন্দেহ কৰা হৈছে। টুইটাৰত সুনীলে কৈছে- 'মই এইবাৰ ইউ চি নিউজ ডিজিটেলৰ বাবে এজন ধাৰাভাষ্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰিম। মোৰ স'তে থাকিব আপোনালোকৰ অতি মৰমৰ আৰু খুবেই জনপ্ৰিয় 'লেইলা' আৰু 'বেবী ড'ল'।

উল্লেখ্য যে, কমেডিয়ান কপিল শৰ্মাৰ লগত মতানৈক্য ঘটি সুনীল গ্ৰোভাৰে এসময়ত 'দ্য কপিল শৰ্মা শ্ব'ৰ মঞ্চ ত্যাগ কৰিছিল। কিন্তু ইয়াৰ পিছতে ছ'নী টিভিৰ সেই জনপ্ৰিয় টিভি শ্ব'টোৰ সম্প্ৰচাৰো বন্ধ হৈ পৰে। শেহতীয়াকৈ পুনৰ সম্প্ৰচাৰ হ'বলগীয়া এই অনুষ্ঠানত পুনৰ এবাৰ সুনীল গ্ৰোভাৰ চুক্তিবদ্ধ হোৱা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in