চুঙাজানত বেটেলিয়নৰ হাবিলদাৰৰ ৰহস্যজনক মৃত্যু…

চুঙাজানত বেটেলিয়নৰ হাবিলদাৰৰ ৰহস্যজনক মৃত্যু…

ডিজিটেল সংবাদ , সৰুপথাৰঃ ধনশিৰি মহকুমাৰ সীমান্তৰ চুঙাজানত অসম বেটেলিয়নৰ এগৰাকী হাবিলদাৰৰ বুধবাৰে নিশা ৰহস্যজনক মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে | ঘটনাৰ বিৱৰণী অনুসৰি, বৰপথাৰ আৰক্ষী থানাত কৰ্মৰত,টিয়কৰ বাসিন্দা ডিম্বেশ্বৰ চাংমাইয়ে চুঙাজানলৈ ডাক দিবৰ বাবে যাওঁতে চুঙাজান ষ্টেচনৰ সমীপত ৰেল গাড়ীৰ পৰা পিচলি পৰি গুৰুতৰ ভাৱে আহত হয় | তেতিয়া ৰেল কৰ্তৃপক্ষ আৰু ৰাইজৰ তত্পৰতাৰে লগে লগে বোকাজান হস্পিতেলত ভৰ্তি কৰে যদিও উন্নত চিকিত্সাৰ বাবে গোলাঘাটলৈ নি থকা অৱস্হাত হাবিলদাৰ গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে |

এই ঘটনাটো সাধাৰণ দূৰ্ঘটনা যেন লাগিলেও একাংশই ৰহস্যজনক বুলি অভিহিত কৰিছে | তেওঁলোকে জানিবলৈ দিয়া মতে,হাবিলদাৰ গৰাকীৰ পকেটত যথেষ্ট পৰিমানৰ ধন আছিল,কিন্তু দূৰ্ঘটনা সংঘটিত হৈ গুৰুতৰ ভাৱে আহত হোৱা হাবিলদাৰ ডিম্বেশ্বৰ চাংমাইৰ পেকেটত থকা ধন পোৱা নগল |

গতিকে,নামনিমূৱা তিনিচুকীয়া-লামডিং যাত্ৰীবাহী ৰেলগাড়ীখনত চাংমাইক কোনো দুৰ্বৃত্বই ধন লুট কৰি ৰেলৰ পৰা পেলাই দিবও পাৰে বুলি সন্দেহ কৰিছে | সুত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি,বৰপথাৰত কাৰ্যনিৰ্বাহ কৰাৰ আগতে চুঙাজানত চাংমাইয়ে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তাত ঘনিষ্ঠ হোৱা লোকৰ পৰা কন্যাৰ বিবাহৰ সময়ত লোৱা ধন পৰিশোধ কৰিবৰ বাবে যাওঁতেই দূৰ্ঘটনাটো সংঘটিত হবলৈ পালে | সেয়ে,ঘটনাটো গভীৰ ৰহস্যৰ দিশে গতি কৰাত আৰক্ষীয়ে নিখুত ভাৱে অনুসন্ধান কৰিলে ৰহস্য ফাদিল হব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে |

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in