সোণালী সূতাৰ দেশত পৰিণত ঢকুৱাখনা…

সোণালী সূতাৰ দেশত পৰিণত ঢকুৱাখনা…

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ কৃষিভিত্তিক ৰাজ্য অসমে যদি আজি বিশ্বৰ বজাৰত নিজৰ চিনাকি দিবলৈ সক্ষম হৈছে সেয়া নিঃসন্দেহে মুগা শিল্পৰ বাবে। অসমীয়া মুগা মেখেলা চাদৰৰ আদৰ ইমানেই আছে যে এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে এইসমূহ বস্ত্ৰৰ প্ৰতি ক্ৰমাৎ আগ্ৰহ বৃদ্ধি পাইছে। বিশ্বৰ বিভিন্ন দেশত অসমৰ একাংশ উদ্দ্যমী মহিলাই মুগা বস্ত্ৰৰ ফেশ্বন স্ব' আয়োজন কৰি এই সমূহ বস্ত্ৰক যেন বিশ্ববাসীৰ আগত অধিক চিনাকি কৰি দিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ বাবেই অসমৰ এই পৰম্পৰাগত শিল্পই বিশেষ মাত্ৰা লাভ কৰিছে।

যিহেতু অসমৰ মুগা শিল্প এটা কৃষিভিত্তিক কুটীৰ শিল্প আৰু ইয়াৰ ওপৰত অসমৰ চহা ৰাইজৰ অৰ্থসামাজিক দিশটো বহু পৰিমাণে নিৰ্ভৰ কৰে। প্রাচীন কালৰে পৰা অসমৰ মানুহে ঘৰে ঘৰে ৰেচম পলু বা পাটপলু আদি পালন কৰি আহিছে। মুগা শিল্প অসমৰ আপুৰুগীয়া সম্পদ আৰু বৰ্তমান আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত মুগা শিল্পই বিশেষ সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।লগতে মুগাৰ পৰা উৎপাদিত সোণালী সুতাৰে প্ৰস্তুত কৰা কাপোৰ কেৱেল দেশৰ বজাৰতে নহয় বিদেশতো বজাৰ দখল কৰি ৰেচম শিল্পৰ গৌৰৱ বৃদ্ধি কৰিছে।

উল্লেখ্য যে অসমৰ এই গৌৰৱৰ প্ৰধান অংশীদাৰ ঢকুৱাখনা মহকুমা বুলি কলেও হয়তো বঢ়াই কোৱা নহব। কাৰণ ঢকুৱাখনাৰ জলবায়ু ৰেচম শিল্পৰ বাবে উপযোগী হোৱাৰ বাবেই মুগা উপাদনত ৰাজ্যেৰ ভিতৰত উল্লেখযোগ্য স্থান দখল কৰি আহিছে ঢকুৱাখনাই। সোণালী সূতাৰ দেশ হিচাপে খ্যাত, ৰেচম শিল্পত চহকী ঢকুৱাখনাৰ শ-শ পৰিয়ালে অতীজৰে পৰা  মুগা পালনত জড়িত হৈ  নিজকে স্বাৱলম্বী কৰি তোলাই নহয় টনকিয়াল কৰিছে আহিছে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি।

অৱশ্যে বিভিন্ন কাৰকৰ বাবে বিশেষকৈ দ্ৰুত জলবায়ু প্ৰদূষণৰ বাবে এতিয়া শেহতীয়াকৈ ঢকুৱাখনাৰ শ শ মুগাপালকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ লগতে পলুৰ মাজত দেখা দিয়া অচিন ৰোগ, প্ৰাকৃতিক দুৰ্যোগ  আৰু চৰকাৰী অৱহেলা আদিৰ বাবেও ঢকুৱাখনাৰ মুগা শিল্পই গভীৰ  সংকটৰ মাজলৈ গতি কৰে।এনে কেতবোৰ কাৰকৰ বাবেই  বিগত সময়ত ঢকুৱাখনাত  অভাৱনীয় হাৰত হ্ৰাস পাইছে মুগা উৎপাদন। গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হবলগা হয়  শ-শ মুগাপালক।কিন্তু  ইয়াৰ মাজতেই ৰাজ্যৰ ৰেচম উদ্যোগলৈ আহিছে এক আশাৰ বতৰা । ঢকুৱাখনাৰ মুগা পালকৰ মুখত বিৰিঙিছে হাঁহি । যি সময়ত মুগাপালকসকলে পৰ্যাপ্ত পৰিমাণৰ উৎপাদন কৰিব নোৱাৰি হতাশাগ্ৰস্ত হৈ পৰিছে তেনে এক সময়তে  পুনৰবাৰ ৰাজ্যৰ  ৰেচম অৰ্থাৎ মুগা শিল্পলৈ আশাৰ সঞ্চাৰ কঢিয়াই আনিছে  ঢকুৱাখনাৰ মুগাই।

বিগত বছৰ সমুহতকৈ   এইবাৰ ঢকুৱাখনাত জাৰুৱা মুগা উৎপাদন সন্তোষজনক ভাবে বৃদ্ধি পোৱাৰ পাছত এতিয়া অনুকূল বতৰৰ পৰিপ্ৰেক্ষিতত জেঠুৱা মুগাই  মুগা পালক সকলৰ মুখত হাঁহি বিৰিঙাইছে,লগতে গ্ৰাম্য অর্থনীতিলৈকো সুখৰ বাৰ্তা কঢ়িয়াই আনিছে। মুগা পালনৰ যোগেদি সোনসেৰীয়া জীৱনৰ সপোন ৰচিছে এতিয়া ঢকুৱাখনাৰ শ -শ মুগা পালকে। এইক্ষেত্ৰত ঢকুৱাখনাৰ গোৱালগাঁওৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে বিশেষ ভূমিকা লৈছে মুগা শিল্পৰ উন্নয়নত। হেম বৰুৱা নামৰ লোকজনে উদ্দ্যমী পুত্ৰ গৌৰব বৰুৱাৰ সহযোগত নিজ ঘৰৰ পিছফালে বিশ বিঘাৰো অধিক মাটিত চোম গছ ৰোপণ কৰি এখন বৃহৎ মুগা ফাৰ্ম বনাই গাঁওৰ লগতে ওচৰৰ বহু নিবনুৱা পুৰুষ মহিলাক জীৱিকাৰ ব্যৱস্থা কৰি দিছে।

বৰুৱাই আনকি দহ হাজাৰ উন্নত মানৰ চোম পুলি পচাই বিক্ৰীৰো ব্যৱস্থা কৰিছে। এইটো পৰিয়ালৰ নিচিনাকৈ এতিয়া ঢকুৱাখনাৰ জিয়ামৰীয়া, কমাৰ, দেউলিয়া, পানী গাওঁ, গোবিন্দপুৰ, ঠেকেৰাগুৰি, ৰুহা, গৰপাৰা, ভোগামুখ, শিঙিয়া, সাপতিয়া, মূৰ্তিয়া, চোমপৰা, জামুগুৰি, মালবাৰী, মহেমাৰী, কাঠৰবাৰী, পুৰণি গোবিন্দপুৰ, বলাহী, চাকুলী,জালভাৰী,খজোৱা, বাগিচা গাঁও আদিৰ চোমণিত মুগা পালনত ব্যস্ত হৈ পৰিছে মুগাপালকসকল। পৰিসংখ্যা অনুসৰি ,চৰকাৰী সাহায্য, বিভাগীয় বিষয়া-কৰ্মচাৰীৰ সহযোগিতাৰ অবিহণেই ব্যক্তিগতভাৱে  সাত হেজাৰ বিঘাৰো অধিক ভূমিত চোম,সোৱালো আদি মুগাৰ উৎপাদনৰ গছ ৰোপণ কৰি সম্প্ৰতি ঢকুৱাখনাৰ ১২ হেজাৰ অধিক পৰিয়াল মুগা পালনত জড়িত হৈ পৰিছে।

সম্ভাৱনা অনুসৰি  বতৰ অনুকূল হলে ইয়াৰ পৰা উপাদন হব কেইবা কোটিৰো মুগাপলু। আৰু ইয়াৰ পৰাই ঢকুৱাখনাৰ মুগাপালক সকলে বহু কোটি টকা উপাৰ্জন কৰাতো প্ৰায় নিশ্চত। ইফালে বহু জটিলতা আৰু বৃহৎ প্ৰত্যাহ্বানৰ মাজেৰেই মুগাপালনত জড়িত হৈ ঢকুৱাখনাৰ লগতে সমগ্ৰ অসমক সোনালী সূতাৰে জিলিকাই ৰখা এইসক মুগা পালকে  আজিলৈকে বিভাগৰ পৰা লাভ কৰা নাই তিলমানো সহায়-সহযোগিতা। ৰাজ্যখনৰ  অৰ্থনৈতিক ক্ষেত্ৰখনত প্ৰচুৰ সম্ভাৱনা থকা মুগাশিল্পক  জীয়াই ৰখা এইসকল মুগাপালকক চৰকাৰ অথবা ৰাজ্যেৰ ৰেচম বিভাগে বিভাগীয়ভাবে সহায়-সহযোগিতা আগবঢ়ালে প্ৰচুৰ সম্ভাৱনাময় ঢকুৱাখনাৰ ৰেচম ক্ষেত্ৰখনে নিশ্চয়কৈ অধিক গতিশীলতা লাভ কৰাৰ লগতে অসমৰ মুগা শিল্পয়ো বিশ্বত সুনাম অক্ষুন্ন ৰাখিবলৈ সক্ষম হব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in