মামাক এৰি শুকুৰ ভাগিনে সলালে দল!

মামাক এৰি শুকুৰ ভাগিনে সলালে দল!

ডিজিটেল ডেস্কঃ বিজেপিৰ হৈ অসমৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰচাৰৰ কামত ব্যস্ত থকা শুকুৰ আলীয়ে ঠিকনা সলালে। অতি কমদিনতে বিজেপিৰ প্ৰতি মোহভংগ ঘটিল শুকুৰ আলীৰ। শেহতীয়াকৈ বিজেপিৰ ষ্ট্ৰাৰ কেম্পেইনাৰ গৰাকীয়ে ত্যাগ কৰি কৰিলে বিজেপি।

শুকুৰৰ এতিয়া ৰাজনৈতিকভাৱে নতুন ঠিকনা হৈছে আম আদমী পাৰ্টি। বিজেপি ত্যাগ কৰি শুকুৰে শেহতীয়াকৈ যোগদান কৰিছে আম আদমী পাৰ্টিত। দলত যোগদান কৰিয়েই শুকুৰ কলে- ভাৰতৰ উন্নতি আৰু জনগনৰ উন্নতিয়ে তেওঁৰ লক্ষ্য।

ইফালে শুকুৰে বিজেপি ত্যাগ কৰাৰ পাছতে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা। কোনো কোনেৱে শুকুৰক প্ৰশ্ন কৰিছে- মামাৰ সংগ কিয় দুদিনতে এৰিলে? কিছু কিছুৱে ব্যংগাত্মকভাৱে লিখিছে, নিৰ্বাচনৰ আগত মামা-ভাগিনৰ সম্পৰ্কৰ ফাঁটে প্ৰভাৱ যথেষ্ট পেলাব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in