সুখচৰৰ খোপাতীয়া এল পি স্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ…

সুখচৰৰ খোপাতীয়া এল পি স্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পাৰ্শ্বৱৰ্তী তথা দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ১৪৭৯ নং খোপাতীয়া এল পি স্কুলৰ প্ৰধান শিক্ষকে স্কুলখনৰ নাৱালিকা ছাত্ৰী এগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি ছাত্ৰী গৰাকীৰ অভিভাৱকে সুখচৰ থানাত গোচৰ তৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰে।

উল্লেখযোগ্য যে, প্ৰাপ্ত অভিযোগ মতে দক্ষিণ শালমাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত খোপাতীয়া গাঁৱৰ ১৪৭৯ নং খোপাতীয়া এল পি স্কুলৰ  প্ৰধান শিক্ষক আব্দুল হানিফ শ্বেখে মঙলবাৰৰ দিনা বিদ্যালয়খনত পাঠদান দি থকা অৱস্থাত পঞ্চম শ্ৰেণীৰ ছাত্ৰী এগৰাকীৰ দেহত স্পৰ্শ কৰি যৌন নিৰ্যাতন চলায়। ছাত্ৰী গৰাকীয়ে প্ৰধান শিক্ষক গৰাকীৰ এনে কাৰ্যত বাধা প্ৰদান কৰে যদিও শিক্ষকজনে বাৰে বাৰে ছাত্ৰী গৰাকীক যৌন নিৰ্যাতন চলাই দাবী ধমকি দিয়ে।

ফলত শিক্ষক গৰাকীৰ এনে কাৰ্যত অতিষ্ঠ হৈ নাবালিকা ছাত্ৰী গৰাকীয়ে ঘৰলৈ গৈ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত কৰে। এই ঘটনা অৱগতহৈ ছাত্ৰী গৰাকীৰ অভিভাৱকে বিদ্যালয়খনত  উপস্থিত হোৱাৰ পাছত প্ৰধান শিক্ষক আব্দুল হানিফ শ্বেখে বিদ্যালয় এৰি পলায়ন কৰে। ছাত্ৰী গৰাকীৰ অভিভাৱকে এই ঘটনা সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতিক অৱগত কৰে যদিও কোনো সু-বিচাৰ প্ৰদান নকৰাত বাধ্য হৈ সুখচৰ থানাত প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে।

তদুপৰি বুধবাৰৰ দিনা শিক্ষকজনৰ এই জঘন্য কাণ্ডত গাওঁখনৰ পুৰুষ-মহিলাই ক্ষোভিত হৈ বিদ্যালয়খনত উপস্থিত হৈ শিক্ষক জনৰ শাস্তিৰ দাবীত বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।ইয়াৰোপৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল হানিফ শ্বেখে দীৰ্ঘদিনৰ পৰাই বিদ্যালয়খনৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাই অহা বুলি অভিযোগ কৰে। ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ ভুক্তভোগী ছাত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত যৌন নিৰ্যাতনৰ কথা প্ৰকাশ কৰে।

আনহাতে, এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী বিদ্যালয়খনৰ আন একাংশ ছাত্ৰ-ছাত্ৰীয়েও প্ৰধান শিক্ষক আব্দুল হানিফ আলী শ্বেখে ছাত্ৰী জনীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তোলে। লগতে বিদ্যালয়খনত পাঠদান দিয়া সহকাৰী শিক্ষক এগৰাকীয়ে প্ৰধান শিক্ষক গৰাকীৰ এনে কাৰ্যৰ কঠোৰ শাস্তিৰ দাবী তোলে।

বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলে শিক্ষক আৰু ছাত্ৰীৰ মাজৰ পৱিত্ৰ সম্পৰ্কত কালিমা হনা ঘৃণনীয় কাৰ্য্যৰ বাবে লম্পট চৰিত্ৰৰ প্ৰধান শিক্ষক আব্দুল হানিফ শ্বেখৰ উপযুক্ত শাস্তি বিচাৰি চাকৰিৰ পৰা নিলম্বন কৰি গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in