অসম বুৰঞ্জীৰ মহানায়ক স্বৰ্গদেউ চাওলুং চুকাফাক স্মৰণ…

অসম বুৰঞ্জীৰ মহানায়ক স্বৰ্গদেউ চাওলুং চুকাফাক স্মৰণ…

ডিজিটেল ডেস্কঃ আজি অসম দিৱস অৰ্থাৎ স্বৰ্গদেউ চাওলুং চুকাফা দিৱস। এই উপলক্ষে অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা তথা বৰ অসমৰ নিৰ্মাতা স্বৰ্গদেউ চুকাফা বন্দনাৰে মুখৰিত হ'ব। অসম বুৰঞ্জীৰ মহানায়ক চুকাফাৰ কৰ্মৰাজী অনুপ্ৰেৰণাৰে উদ্বুদ্ধ। ৰাজ্যিক ভাৱে যোৰহাটৰ প্ৰশাসনৰ সহযোগত অসম চৰকাৰৰ সঞ্চালকালয়ৰ উদ্যোগত চুকাফা সমন্বয় ক্ষেত্ৰত অসম দিৱসৰ কাৰ্যসূচী পালন কৰা হ'ব।দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব এই অনুষ্ঠান।

আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত সমগ্ৰ অসমৰ লগতে গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম দিৱস উদযাপন কৰিব। কংগ্ৰেছে এইগৰাকী মহান বীৰক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জনাব। যোৰহাট জিলাৰ ঐতিহাসিক ৰাজমাও পুখুৰী সুৰক্ষা সমিতিয়েও যোৰহাট পৌৰসভাৰ সহযোগত চুকাফা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

ৰাজমাও পুখুৰী সুৰক্ষা সমিতি আৰু পৌৰসভাই অসম দিৱস উপলক্ষে স্বৰ্গদেউ চুকাফাক স্মৰণ কৰি ৫০০০ গছি বন্তিৰে পুখুৰীৰ চৌপাশ উজলাই তুলিব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিব অসম দিৱসৰ কাৰ্যসূচী। সংগঠনটোৱে সোণাৰিৰ ভাগৱতীপ্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয় চুকাফা দিৱস উদযাপন কৰিছ।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত অসমৰ বিভিন্ন দল-সংগঠনৰ নেতৃত্ব উপস্থিত থাকিব। আনহাতে এই অনুষ্ঠানৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব জুবিন গাৰ্গ, মানস ৰবীন, কুসুম কৈলাশ, মীনাক্ষী নেওগৰ দৰে জনপ্ৰিয় শিল্পীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in