আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ অসমীয়াক হত্যাৰ ভাবুকি দিয়া সুজিতক

আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ অসমীয়াক হত্যাৰ ভাবুকি দিয়া সুজিতক

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসমীয়াক ঘৰে ঘৰে গৈ হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা বিটিচি বেংগলী যুৱ ফেডাৰেচনৰ ওদালগুৰীৰ জিলা সভাপতি সুজিৎ সৰকাৰক অবশেষত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ চাপত পৰি পশ্চিমবংগলৈকে দিহিঙে দিপাঙে পলাই ফুৰা সুজিৎ সৰকাৰ অৱশেষত বাধ্য হৈ আজি কোকৰাঝাৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে যদিও আৰক্ষীয়ে বিতৰ্কিত মন্তব্য প্ৰদান কৰা সুজিৎ সৰকাৰক গ্ৰেপ্তাৰ কৰে।

ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ধলা কাণ্ডৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত সাম্প্ৰদায়িক উচটনিমূলক মন্তব্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হব বুলি সকিয়নী দিয়াৰ পিছতে আলফা নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই আজি বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ নেতা সুজিৎ সৰকাৰক কোকৰাঝাৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

অসমীয়াৰ ঘৰে ঘৰে গৈ মাৰিম বুলি ভাবুকি দিয়াৰ পিছত বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ওদালগুৰী জিলা সভাপতি সুজিৎ সৰকাৰৰ বিৰুদ্ধে আছুৰ ওদালগুৰি আঞ্চলিক সমিতিয়ে টংলা থানাত আৰু আলোচনাপন্থী আলফা নেতা প্ৰবাল নেওগে তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল কৰিছিল।

টংলা আৰক্ষী থানাত ৰজু হোৱা গোচৰ নং ১৭৫/২০১৮ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০(বি), ১৫৩(এ), ২৯৫(এ)ৰ অধীনত আৰক্ষীয়ে আজি সুজিতক গ্ৰেপ্তাৰ কৰা বুলি সদৰী কৰিছে বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালাই।

সুজিতক গ্ৰেপ্তাৰ কৰাৰ পিছতেই কোকৰাঝাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালাই বিতৰ্কিত মন্তব্য কৰা তথা টংলা থানাত ৰজু হোৱা গোচৰৰ ভিত্তিতে সুজিতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইতিমধ্যে সুজিৎ সৰকাৰক কোকৰাঝাৰ আৰক্ষীয়ে ওদালগুৰি আৰক্ষীৰ হাতত গতাই দিয়া হৈছে বুলি মন্তব্য কৰে। উক্ত সংবাদমেলত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙো উপস্থিত আছিল।

উল্লেখ্য যে, ওদালগুৰিত দীপক দেৱনাথ নামৰ এগৰাকী ব্যাক্তিয়ে ডি ভোটাৰৰ জাননী লাভ কৰি আত্মহত্যা কৰা ঘটনাৰ পিছতে অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সুজিৎ সৰকাৰে অসমীয়াক ঘৰে ঘৰে গৈ মাৰিম বুলি মন্তব্য কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in