২ সন্তানক ডিঙি চেপি হত্যাৰ পিছত ২ পত্নীসহ অট্টালিকাৰ পৰা জঁপিয়াই আত্মহত্যা ব্যৱসায়ীৰ

২ সন্তানক ডিঙি চেপি হত্যাৰ পিছত ২ পত্নীসহ অট্টালিকাৰ পৰা জঁপিয়াই আত্মহত্যা ব্যৱসায়ীৰ

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ ইন্দিৰাপুৰম এলেকাত সংঘটিত হৈছে এক শোকাবহ ঘটনা। ইন্দিৰাপুৰমৰ বৈভৱ খণ্ডৰ এটা এপাৰ্টমেন্টত বাস কৰা গুলছন নামৰ এজন লোকে আৰ্থিক কাৰণত হতাশাত ভূগি আঠ মহলীয়া অট্টালিকাৰ পৰা পত্নীসহ জঁপিয়াই আত্মহত্যা কৰে। জানিব পৰা মতে, লোকজনৰ দুগৰাকী পত্নী আছিল। আনহাতে গুলছন নামৰ লোকজনে অট্টালিকাৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ পূৰ্বে তেওঁৰ দুই সন্তানক ডিঙি চেপি হত্যা কৰে।

ইফালে দুই পত্নীসহ ৮ মহলাৰ পৰা জঁপিওৱা গুলছন আৰু এগৰাকী পত্নীৰ থিতাতে মৃত্যু ঘটে। আহত আন এগৰাকী মহিলাক স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে যদিও মহিলাগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

এপাৰ্টমেন্টত বাস কৰা গুলছনৰ প্ৰতিবেশীয়ে জানিবলৈ দিয়া মতে, বিগত কিছু দিন ধৰি গুলছন আৰু তেওঁৰ পৰিয়াল আৰ্থিক হতাশাত ভূগি আছিল। ব্যৱসায়ীক গুলছনে যোৱা কিছু কিছুদিনত ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱাত তেওঁৰ ওপৰত থকা ঋণৰ বোজা বাঢ়ি গৈছিল। যাৰ বাবে আৰ্থিক হতাশাত ভূগি লোকজনে দুই সন্তানক হত্যা কৰি পিছত দুই পত্নীক লগত লৈ আত্মহত্যা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in