শব্দ-পোহৰ বিহীন,প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই’ বেবেজীয়াৰ পূৰ্ণাংগ নাট মহোৎসবৰ সফল সামৰণি…

শব্দ-পোহৰ বিহীন,প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই’ বেবেজীয়াৰ পূৰ্ণাংগ নাট মহোৎসবৰ সফল সামৰণি…

ডিজিটেল সংবাদ,বেবেজীয়া : আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যসম্ৰাট পদ্মশ্ৰী এইচ কানহাইলালৰ প্ৰকল্প 'Nature–Lore' ৰ আৰ্হিত অসমত প্ৰয়াত "বাদুংদ্যুপ্পা" ৰ জৰিয়তে  বিশিষ্ট নাট্যশিল্পী, অভিনেতা, পৰিচালক তথা সাংস্কৃতিক সংগঠক প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই আৰম্ভ কৰিছিল নাট উপস্থাপনৰ এক ব্যতিক্ৰম ধাৰা ৷

গোৱালপাৰা জিলাৰ অগিয়া ৰামপুৰ গাঁৱত তেওঁ  "আণ্ডাৰ দা ছাল ট্ৰি" শীৰ্ষক নাট্য মহোৎসৱৰ অনুষ্ঠিত কৰি ৰাজ্যৰ সাংস্কৃতিক জগত চহকী কৰি থৈ যোৱাই নহয়, সম্পূৰ্ণ এক মনোৰম প্ৰাকৃতিক পৰিবেশত নাট পৰিবেশন কৰি ব্যতিক্ৰমী নাট্য আন্দোলনৰ সূচনা কৰিছিল । 

নাট্যশিল্পী শুক্ৰাচাৰ্য ৰাভাই অসমত জন্ম দি থৈ যোৱা সেই ব্যতিক্ৰমী আৰু বিশ্ব বিৰল নাট্যধাৰৰ অনুকৰণত নগাঁও জিলাৰ বেবেজীয়াৰ মুকলি পথাৰৰ ভৰপূৰ এক প্ৰাকৃতিক পৰিবেশত ৬ মাৰ্চৰ পৰা দুদিনীয়াকৈ  প্ৰয়াত সাংস্কৃতিক কৰ্মী গৌতম শইকীয়া সোৱঁৰণী মঞ্চত অনুষ্ঠিত ৰ'দঘাই বেবেজীয়াৰ নাট মহোৎসৱৰ আজি বিয়লি সফল সামৰণি পৰে ৷

নাট্যপ্ৰেমী দৰ্শক ৰাইজৰ বিপুল সহাঁৰিৰ মাজেৰে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰ'দঘাই ,বেবেজীয়াৰ মুঠ নাট ক্ৰমে- নাট্যশিল্পী ৰবিজিতা গগৈৰ পৰিচালনাত জিৰছং থিয়েটাৰ গুৱাহাটীৰ নিবেদন "বান্টি আৰু বাবলি",পৰিচালক গগন চৌধুৰীৰ ৰংগমঞ্চ নগাঁৱৰ নিবেদন "যন্ত্ৰণা",পৰিচালক দীপক বৰাৰ অবিনশ্বৰ গোষ্ঠীৰ নিবেদন বুদ্ধুৰাম,নাট্যকাৰ- পৰিচালক মৃনাল কুমাৰ বৰাৰ ৰংগালয় পুৰনিগুদামৰ নিবেদন "বহুৱা-the clown",পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাৰ অৰিহণা নাট্য গোষ্ঠীৰ নিবেদন "ডাইনিং টেবুল",পৰিচালক বিশ্বজিত বৰঠাকুৰৰ শতাব্দী নগাঁৱৰ নিবেদন "ক্ষত-বিক্ষত সময়",পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাৰ নিবেদন নাট্যগোষ্ঠী নগাঁৱৰ "এজন ডাক্তৰ আৰু এজাক কুকুৰ" নামৰ এই সাতখনকৈ নাট মঞ্চস্থ হয় ৷

আজিৰ সামৰণি দিনা নাট মহোৎসৱত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম নাট্য সন্মিলনীৰ প্ৰাক্তন সাধাৰণ সম্পাদক জীৱেশ্বৰ গোস্বামী, নগাঁও কল্লোল সাংস্কৃতিক গোষ্ঠীৰ সাধাৰণ সম্পাদক তথা নাট্যকৰ্মী নৌছাদ আখতাৰ হাজৰিকা,নাট্যকৰ্মী তথা অধিবক্তা মুকুল প্ৰসাদ বৰঠাকুৰ,বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি,ডিমৰীয়া মহাবিদ্যালয় প্ৰবক্তা মোহিনী মোহন ডেকা,বেবেজীয়া ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উপেন বৰা,ৰঙিয়াৰ নাট্যশিল্পী মুস্তাফা কামাল আহমেদ আৰু নয়নজ্যোতি দাস, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা মনি কাকতি,সাংবাদিক দেৱজিৎ হাজৰিকা,দ্বীপেন শইকীয়া,সমাজকৰ্মী বিতুল কাকতি আদিৰ লগতে নাট পৰিচালক সকল ক্ৰমে-মৃনাল কুমাৰ বৰা,বিশ্বজিত বৰঠাকুৰ,জ্যোতিপ্ৰসাদ ভূঞা,অশ্ৰুমনি বৰা আদি উপস্থিত থাকে ৷

দুয়োদিনৰে নাটকৰ বিৰতিত ৰ'দঘাই ,বেবেজীয়াৰ সম্পাদক ৰঞ্জন হাজৰীকা আৰু অন্যতম উদ্যোক্তা- নাট্যশিল্পী দ্বীপ বৰাই আতঁধৰা অনুষ্ঠানটিত প্লাষ্টিক বৰ্জিত সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশত ইকৰা- নল-খাগৰি আৰু বাহেঁৰে তথা মাটি ভেটীৰে তৈয়াৰী মুকলি মঞ্চত নাটক উপভোগ কৰিবলৈ বেবেজীয়াৰ ৩৭নং ৰাষ্ট্ৰীয়  ঘাইপথৰ পৰা প্ৰায় ডেশমিটাৰ দাঁতিত অৱস্থিত ৰ'দঘাই বেবেজীয়াৰ নাট মহোৎসৱ স্থলীলৈ নগাঁৱৰ নাট্য আন্দোলনৈ এক নতুন আশাৰ বাৰ্তা কঢ়িয়াই অগণন নাট্যপ্ৰেমী দৰ্শকৰ সোঁত বোৱা পৰিলক্ষিত হয় ৷

মুকলি এক প্ৰাকৃতিক পৰিবেশত শব্দ আৰু পোহৰ বিহীন নাট সমূহ প্ৰদৰ্শন কৰিবলৈ অহা শিল্পী, কলা-কুশঁলী সকলৰ লগতে অভ্যাসত অতিথি সকলৰ লগতে আতঁৰৰ পৰা নাট উপভোগ কৰিবলৈ অহা সহস্ৰাধিক দৰ্শক সকলকো উদ্যোগক্তা সকলে আতিথ্যৰ কোনো ত্ৰুতি নকৰাকৈ মিঠৈলাৰু, তিলপিঠা আদিৰ ওপৰি লঘু আহাৰ লগতে দুপৰীয়া গাঁৱৰ দেউৰীসকলে ৰন্ধা  ঔটেঙা-কাঠআলু দিয়া মাটি মাহৰ দালিৰে সৈতে অসমীয়া জুতিলগা এসাঁজ ভাতেৰে আপ্যায়ন কৰি বেবেজীয়াবাসীৰ অতিথিপৰায়ণৰ লগতে সাংস্কৃতিক মনৰো পৰিচয় দিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in