বিশিষ্টা স্বাধীনতা সংগ্ৰামী তথা অসমৰ প্ৰাক্তন মহাধিবক্তাৰ পত্নী সুভদ্ৰা ভূঞাৰ মৃত্যু

বিশিষ্টা স্বাধীনতা সংগ্ৰামী তথা অসমৰ প্ৰাক্তন মহাধিবক্তাৰ পত্নী সুভদ্ৰা ভূঞাৰ মৃত্যু

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা প্ৰয়াত সুৰেন্দ্ৰ নাথ ভূঞাৰ পত্নী তথা ন্যায়াধীশ উজ্বল ভূঞাৰ মাতৃ শ্ৰীমতী সুভদ্ৰা ভূঞাৰ ৮৮ বছৰ বয়সত ১৪ ফেব্ৰুৱাৰীৰ নিশা গুৱাহাটীৰ লেম ৰোড, আমবাৰীস্থিত নিজা বাসভৱনত মৃত্যু হয়। ৮৮ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটা অঞ্চলটোৰ জনপ্ৰিয় মহিলাগৰাকীৰ নশ্বৰ দেহ মুম্বাইস্থিত পুত্ৰ আহি পোৱাৰ পিছত শনিবাৰে দুপৰীয়া নৱগ্ৰহ শ্মশানত অন্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

অসমৰ এগৰাকী প্ৰখ্যাত যকৃত বিশেষজ্ঞ তথা স্বাগত হাস্পতাল আৰু গৱেষণা কেন্দ্ৰ অধ্যক্ষ ডাঃ সুভাষ খান্নাৰ শাহু প্ৰয়াত সুভদ্ৰা ভূঞাৰ বিয়োগে গুৱাহাটীৰ লগতে তেওঁৰ গৃহভূমি কামপুৰতো গভীৰ শোকৰ ছাঁ পেলাইছে। ছাত্ৰাৱস্থাতে স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰা প্ৰয়াত বিশিষ্টা সমাজকৰ্মীগৰাকীয়ে মৃত্যুৰ সময়ত বৰ্তমান মুম্বাইৰ উচ্চ ন্যায়ালয়ত কৰ্মৰত একমাত্ৰ পুত্ৰ ন্যায়াধীশ উজ্বল ভূঞা আৰু এগৰাকী কন্যা এৰি থৈ গৈছে। তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াত নগাঁও, গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in